Historical and Mythological Aspects: অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমেৰে স্বৰ্ণ পদক অৰ্জন ড° ৰাজলক্ষ্মী বসুমতাৰীৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, জামুগুৰিহাট, ১০ এপ্ৰিল: শিক্ষকতা পবিত্ৰ বৃত্তি।(Historical and Mythological Aspects) এগৰাকী সফল শিক্ষক হ’বৰ বাবে অতিকৈ প্ৰয়োজন নিয়মানুৱৰ্তিতা আৰু বিষয়ৰ ওপৰত অধ্যয়ন।

এইখিনি বৰ্তাই ৰখাৰ লগতে জামুগুৰিহাটৰ ঐতিহ্যণ্ডিত ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপিকাই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ(Krishnakanta Sandiky State Open University) পৰা গণসংযোগ আৰু সাংবাদিকতা বিষয়ত স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি স্বৰ্ণ পদক(Gold Medal) অৰ্জনৰে মহাবিদ্যালয়খনিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

নিজ বিভাগৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে পাঠদানত ব্যস্ত থকাৰ মাজতো গণসংযোগ আৰু সাংবাদিকতা বিষয়ত স্নাতকোত্তৰ শিক্ষা গ্ৰহণত ব্ৰতী হয় মহাবিদ্যালয়খনিৰ সহকাৰী অধ্যাপিকা ড° ৰাজলক্ষ্মী বসুমতাৰী(Dr. Rajalakshmi Basumatary)।

কেৱল আজৰি সময়খিনি সদ্ ব্যৱহাৰ কৰি এনে এক ফলাফলৰে কৰ্মৰত মহাবিদ্যালয়খনিক আপ্লুত কৰিবলৈ সক্ষম হয় এই গৰাকী সহকাৰী অধ্যাপিকা।

উল্লেখযোগ্য ড° ৰাজলক্ষ্মী বসুমতাৰীয়ে বিগত বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ড° গহন চন্দ্ৰ মহন্তৰ অধীনত ‘The Creative Works of Troilokyo Bhattacharya in the Light of Historical and Mythological Aspects'(Troilokyo Bhattacharya) শীৰ্ষক বিষয়ৰ ওপৰত গৱেষণা কৰি ডক্তৰেট  ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল।

ইংৰাজীৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ নিয়মীয়া পাঠদানৰ ব্যস্ততাৰ সময়তো তেওঁৰ অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমেৰে বৌদ্ধিক সমাজৰ মাজত  সমাদৰ লাভ কৰাৰ লগতে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বয়স বা কৰ্মব্যস্ততা যে হেঙাৰ নহয় তাৰ এক নিদৰ্শন ৰূপে ড° ৰাজলক্ষ্মী বসুমতাৰীৰ এই ফলাফল পৰিগনিত হৈছে।

তেওঁৰ এই চমকপ্ৰদ ফলাফলৰ বাবে ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত থকা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আয়োজিত এখনি সভাত তেওঁক সফলতাৰ বাবে সম্বৰ্ধনা জনোৱা হয়।

Related Articles