সহৰাই পৰৱৰ ইতিহাস আৰু কুড়মালি লোকসংস্কৃতি

পূৰ্ব মধ্য ভাৰতৰ দ্ৰাবিড়ীয় আৰু অষ্ট্ৰিক গোষ্ঠীৰ বংশধৰ অসমৰ আদিবাসী চাহ জনগোষ্ঠীৰ কৃষিজীৱি লোকৰ কৃষিভিত্তিক লোক উৎসৱৰ ভিতৰত সহৰাই বা বাঁধনা পৰৱ হৈছে অন্যতম। আদিবাসী কৃষিজীৱি লোক সকল কৃষিৰ ওপৰত নিৰ্ভৰশীল সেয়ে তেওঁ লোকৰ পূজা পাৰ্বণ সমূহ কৃষি সম্বন্ধীয়। ধান হৈছে তেওঁ লোকৰ প্ৰধান শস্য। হাল বোৱা, ধান সিঁচা, কঠিয়া ৰোপণৰ পৰা আৰম্ভ কৰি ধান দোৱা, ধান কঢ়িওৱা, মৰণা মাৰি ভঁৰালত সোমোৱালৈকে কৃষিজীৱি সকল খেতিৰ কামত ব্যস্ত হৈ পৰে। এই কাৰ্যত সহায়ক ৰূপে গৰু, ম’হ  হৈছে প্ৰধান পশুধন। সেয়ে তেওঁ লোকে গৰু ম’হ আদিক পশুধন ৰূপে গো- বন্দনা ,গোপূজা তথা গৰু ম’হ আদিক সেৱা শুশ্ৰূষা কৰি উৎসৱ পালন কৰে।এই গো-বন্দনা তথা সেৱা কৰা উৎসৱটোকে বাঁধনা বা চহৰাই পৰৱ বুলি কোৱা হয়।

Related Articles