Covid-19ৰ পিছত চীনৰ হিউমেন মেটাপনিউমোভাইৰাছ (HMPV)য়ে ক্ৰমান্বয়ে বিশ্বৰ আন দেশত বিয়পি পৰিছে। এই পৰ্যন্ত ভাৰতত এই ভাইৰাছৰ ৫ জন ৰোগী ধৰা পৰিছে। বেংগালুৰু, আহমেদাবাদৰ লগতে তামিলনাডুৰ বিভিন্ন প্ৰান্তৰ ৰোগীৰ দেহত ধৰা পৰিছে এই ভাইৰাছৰ অৱস্থিতি। HMPV হৈছে এনে এটা ভাইৰাছ যি দ্ৰুতগতিত বিয়পি মানুহক সংক্ৰমিত কৰিছে। বিশেষজ্ঞসকলৰ মতে এই ভাইৰাছে মূলতঃ শ্বাস-প্ৰশ্বাসতন্ত্ৰত প্ৰভাৱ পেলায় আৰু ইয়াৰ লক্ষণসমূহ সাধাৰণ ফ্লুৰ দৰেই হ’ব পাৰে। কিন্তু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল আৰু সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত গুৰুতৰ সংক্ৰমণ হ’ব পাৰে।(hmpv attack which body part first)
এইচ এম পি ভি প্ৰথমে কোনটো অংগত প্ৰভাৱ পেলায়-
এই ভাইৰাছে প্ৰথমে হাওঁফাওঁ আৰু বায়ুপথক লক্ষ্য কৰি লয়। এই সংক্ৰমণে শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ কোষবোৰক ক্ষতিগ্ৰস্ত কৰে, যাৰ ফলত উশাহ-নিশাহ লোৱাত অসুবিধা, কাহ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। সংক্ৰমণ দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোক, সৰু ল’ৰা-ছোৱালী আৰু বৃদ্ধ লোকৰ ক্ষেত্ৰত দ্ৰুতগতিত বিয়পিব পাৰে আৰু শ্বাস-প্ৰশ্বাসজনিত গুৰুতৰ ৰোগ হ’ব পাৰে।
শৰীৰত কি কি পৰিৱৰ্তন ঘটে?
- উশাহ-নিশাহ লোৱাত কষ্ট: এই ভাইৰাছবিধে শ্বাস-প্ৰশ্বাসতন্ত্ৰত প্ৰভাৱ পেলায়, যাৰ ফলত উশাহ-নিশাহ লোৱাত অসুবিধা হ’ব পাৰে। সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত এই সমস্যা অধিক ভয়াৱহ হ’ব পাৰে।
উচ্চ জ্বৰ আৰু ভাগৰ: সংক্ৰমণৰ আৰম্ভণিতে জ্বৰ, মূৰৰ বিষ আৰু শৰীৰত দুৰ্বলতা অনুভৱ হয়।
- ডিঙিৰ বিষ আৰু কফঃ এইচ এম পি ভি ডিঙিতো প্ৰভাৱ পেলায়, যাৰ ফলত ডিঙিৰ বিষ, শুকান কাহ আৰু কফ হয়।
শ্বাস-প্ৰশ্বাসজনিত জটিলতাঃ ভাইৰাছ অগ্ৰগতিৰ লগে লগে ব্ৰংকাইটিছ, নিউমোনিয়া আৰু বায়ুপথৰ বাধাৰ দৰে গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।
- শৰীৰত অক্সিজেনৰ অভাৱ: গুৰুতৰ ক্ষেত্ৰত শৰীৰত অক্সিজেনৰ মাত্ৰা কমি যাব পাৰে, যাৰ ফলত হাইপ’ক্সিয়া হ’ব পাৰে।
কেনেকৈ সুৰক্ষা দিব?
বিশেষজ্ঞসকলৰ মতে এইচ এম পি ভিৰ পৰা ৰক্ষা পাবলৈ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱা, মানুহ বেছি থকা ঠাইৰ পৰা আঁতৰি থকা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাটো গুৰুত্বপূৰ্ণ। সৰু ল’ৰা-ছোৱালী আৰু বৃদ্ধসকলক বিশেষ যত্নৰ প্ৰয়োজন।
চৰকাৰ আৰু চিকিৎসকৰ পৰামৰ্শ-
স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে সংক্ৰমিত শিশু আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে কোনো দেশ ভ্ৰমণ কৰা নাই। চিকিৎসকে ৰাইজক আহ্বান জনাইছে যে যদি উশাহ লোৱাত অসুবিধা হয় বা আন কোনো লক্ষণ দেখা দিয়ে তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক।