Breaking

ক’ভিড নীতিৰ মাজেৰে ৩৬তম হোজাই কেন্দ্ৰীয় বিহু অনুষ্ঠিত ।

0 2,016

হোজাই নতুন বজাৰৰ বিহুতলী ৰাজহুৱা খেলপথাৰত আজি এদিনীয়া কাৰ্যসূচীৰে ৩৬তম ৰঙালী বিহুটি উদযাপনৰ কৰা হয়। সম্পূৰ্ণ ক’ভিডৰ নীতি নিৰ্দেশনা মানি আয়োজিত এই ঐতিয্যমণ্ডিত বিহুত পূৰ্বৰদৰে এইবাৰ কোনো বাহুল্যতা কৰা নাই। পতাকা উত্তোলন কৰে হোজাইৰ বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি শিলাদিত্য দেবে। শ্বহীদ তৰ্পন কৰে দক্ষিণ নগাঁও বন সংমণ্ডলৰ বন প্ৰাধিকাৰী গুনজিত দাসে। সমিতিৰ পৰম্পৰাগত নিয়ম মতে উদযাপন সমিতিৰ সভাপতিয়ে উপস্থিত সকলোকে বিহুববীয়া ওলগ আৰু সম্বৰ্ধনাৰ জনোৱাৰ পিছত সু-গায়িকা প্ৰয়াত ভিটালী দাসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত সুদূৰ ঢেকীয়াজুলীৰ পৰা আমন্ত্ৰিত ৰূপজ্যোতি বিহুৱা দলৰ দ্বাৰা মঞ্চত বিহু হুচৰী আৰু বিহুনাচ প্ৰদৰ্শন কৰাৰ লগতে স্থানীয় শিল্পীৰ অনুষ্ঠানেৰে বিহুৰ সামৰণি মৰা হয়।

Leave A Reply

Your email address will not be published.