Breaking

হোজাইত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড-১৯

0 1,329

ডবকা : হোজাই জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড সংক্ৰমন, তাৰ সমান্তৰালভাৱে ধোৱা চাঙত উঠিবলৈ ধৰিছে সামাজিক দূৰত্ব। যমুনামুখ অঞ্চলত বৃহৎ এলেকাৰ একমাত্ৰ বিত্তীয় প্ৰতিষ্ঠান ইউ বি আই বেংকৰ ছবিয়ে আপোনাৰ চকু কপালত তুলিব। পুৰুষ-মহিলা, বৃদ্ধ-বৃদ্ধা সকলে প্ৰতিদিনে বেংকটোত বিত্তীয় লেনদেনৰ বাবে ব্যাপক হাৰত ভিৰ কৰা পৰিলক্ষিত হয় যদিও কোনো সু ব্যৱস্থা গ্ৰহণ কৰা নাই কৰ্তৃপক্ষই। সামাজিক দূৰত্ব ভৰিৰে মোহাৰি জীৱনক তুচ্ছ কৰি ক’ভিড 19ক কেৰেপ নকৰি ঠেলা হেঁচাৰ মাজেৰে ভয়ংকৰভাৱে টকা লেনদেন কৰা কাৰ্যক উদ্বেগ প্ৰকাশ কৰিছে সচেতন লোক সকলে। কেবল সেয়াই নহয় UBI বেংকটোত গ্রাহকক দুব্যৱহাৰ অভিযোগ মেনেজাৰৰ বিৰুদ্ধে। ঘন্টাৰ পাছত ঘন্টা লাইনত থিয় হৈ থকা গ্রাহকক দুৰ্ব্যৱহাৰ কৰে বেংকৰ বিষয়া কৰ্মচাৰীসকলে। এগৰাকী যুৱকে বেংকৰ মেনেজাৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে। বুধবাৰে জাহাংগীৰ নামৰ যুৱকজনে তিনি বজাত বেংকত এখন চেক লৈ আহিছিল, উক্ত চেকখনৰ চহী ভুল হোৱাত পুনৰ চেকখন শুধৰণি কৰি বেংকত জমা দিয়াত বেংক মেনেজাৰে উক্ত চেকখন জমা নলৈ উলটাই দুৰ্ব্যৱহাৰ কৰে যুৱকজনক। উল্লেখ্য যে, বিতর্কিত বেংক মেনেজাৰে প্রায় সময়ত গ্রাহকক দুৰ্ব্যৱহাৰ কৰাৰ অনেক অভিযোগ আছে। এই ক্ষেত্ৰত কৰ্তৃপক্ষই কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব।

Leave A Reply

Your email address will not be published.