গুৱাহাটী, ৭ মাৰ্চ: Pabitra Margherita । কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই চৰকাৰী ভ্ৰমণসূচীৰ অংশস্বৰূপে কেৰিবিয়ান দেশ বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰী মিয়া মটলীৰ সৈতে সাক্ষাৎ কৰে। বৈঠকটোত ভাৰত-বাৰ্বাডোছৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ উপায় আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধিৰ বিষয় আলোচনা হয়।
মন্ত্ৰী মাৰ্ঘেৰিটাই X-ৰ মাধ্যমেৰে বৈঠকৰ বিষয়ে জনাই লিখিছে, “বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰী মাননীয় মিয়া মটলীক সাক্ষাতৰ বাবে সন্মানিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ হৈ উষ্ম শুভেচ্ছা জনালোঁ। কোভিড-১৯ মহামাৰীৰ সময়ত কৌশলগত নেতৃত্ব আৰু সহায়ৰ স্বীকৃতি হিচাপে মোদীজীক ‘বাৰ্বাডোছৰ স্বাধীনতাৰ সন্মানীয় আদেশ’ বঁটা প্ৰদান কৰাৰ বাবে বাৰ্বাডোছ চৰকাৰ আৰু দেশখনৰ জনসাধাৰণলৈ কৃতজ্ঞতা জ্ঞাপন কৰোঁ।”

উল্লেখ্য যে, বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ ‘বাৰ্বাডোছৰ স্বাধীনতাৰ সন্মানীয় আদেশ’ বঁটা গ্ৰহণ কৰে মন্ত্ৰী মাৰ্ঘেৰিটাই। এই বঁটা প্ৰদানৰ ঘোষণা বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰী মিয়া মটলীয়ে ২০২৩ চনৰ নৱেম্বৰত গায়েনাৰ জৰ্জটাউনত অনুষ্ঠিত দ্বিতীয় ভাৰত-কেৰিকম নেতা সন্মিলনত কৰিছিল। মহামাৰীৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু নেতৃত্বৰ প্ৰশংসা কৰি এই স্বীকৃতি প্ৰদান কৰা হয়।

বঁটা গ্ৰহণৰ সময়ত মন্ত্ৰী মাৰ্ঘেৰিটাই কয়, “প্ৰধানমন্ত্ৰী মোদীক প্ৰতিনিধিত্ব কৰা আৰু তেওঁৰ হৈ এই সন্মান গ্ৰহণ কৰাটো গভীৰ গৌৰৱৰ বিষয়। এই স্বীকৃতিয়ে ভাৰত-বাৰ্বাডোছ সম্পৰ্কৰ শক্তিশালী ভৱিষ্যৎ আৰু সংকটৰ সময়ত সহযোগিতাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছে।”
১৯৬৬ চনত কূটনৈতিক সম্পৰ্ক স্থাপন হোৱাৰ পিছৰে পৰা ভাৰত-বাৰ্বাডোছে এক শক্তিশালী অংশীদাৰিত্ব গঢ়ি তুলিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে যে এই বঁটা দুয়োখন দেশৰ মাজত স্থায়ী বন্ধুত্বৰ প্ৰতীক।