অগপত গৃহকন্দল,অতুল-কেশৱৰ সমিতি অবৈধ। আই টি ছেলৰ পৰা বাদ পৰিল প্ৰফুল্ল-উৎপল-বৃন্দাবন-পবিন্দ্ৰ।

গুৱাহাটী ।

লকডাউনৰ মাজতে অসম গণ পৰিষদ দলৰ মাজত দেখা দিছে গণবিদ্ৰোহে।দলৰ নেতৃত্বই ‘কা’ বিৰোধী বিধায়কক এঘৰীয়া কৰি বাংলাদেশীক নাগৰিকত্ব দিয়াৰ পক্ষত শক্তি সঞ্চয় কৰিছে।লগতে অবৈধভাবে বৰ্তমানৰ নেতৃত্বই দলৰ পদবী খামুচি থকাৰ অভিযোগ উঠিছে।উল্লেখ্য যে অগপই দলৰ ডিজিটেল প্ৰচাৰৰ কাৰণে আই-টি ছেল গঠনৰ সিদ্ধান্ত লৈছে।ৰাজ্যৰ চাৰিকুৰি সমষ্টি সামৰি এইছেল গঠন কৰা হ’ব।কিন্তু এই তথ্য প্ৰযুক্তি কোষত স্থান দিয়া নহ’ল প্ৰফুল্ল কুমাৰ মহন্ত,উৎপল দত্ত,বৃন্দাবন গোস্বামী, পবিন্দ্ৰ ডেকাৰ দৰে দলটোৰ প্ৰতিষ্ঠাপক তথা জেষ্ঠ বিধায়কক।এইবিষয়ত অতুল বৰা,কেশৱ মহন্ত,ফণীভূষন চৌধুৰীক মুকলিকৈ সমালোচনা কৰিছে মহন্তই।বৰ্তমানৰ সমিতিৰ কাৰ্যকাল কেতিয়াবাই উকলি গৈছে আৰু সাধাৰণসভাৰ অনুমতিবিহীনভাবে দলৰ পদ খামুচি আছে।ছমাহৰ কাৰণে সভাপতিৰ চকীখন দিয়াৰ পিছত সভাপতিৰ পদটো কাঢ়ি ল’লে অতুল বৰাই।বিজেপিৰে নিৰ্বাচনী বুজাবুজি নকৰা কাৰণে এসময়ত মহন্ত সমালোচিত হৈছিল।মহন্ত সভাপতি থাকোতে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত এখনো আসন অগপই নোপোৱা বুলি।কিন্তু অতুল-কেশৱৰ নেতৃত্বত ২০১৯ ত এখনো আসন পোৱা নাছিল।তথাপি তেওঁলোকে চকী নেৰিলে।অগপক ধ্বংস কৰিবলৈ আৰু মহন্তক ধ্বংস কৰিবলৈ বৰ্তমানৰ নেতৃত্বই ষড়যন্ত কৰা বুলি মহন্তই স্পষ্ট ভাষাৰে আঙুলিয়াই দিছে।

Related Articles