Breaking

বাঘৰ আক্ৰমণত নিহত গৃহৰক্ষী জোৱান! ধনমনি ডেকাৰ বাসগৃহত বাসগৃহত শোকাকুল পৰিৱেশ…

0 27

ওৰাং ৰাষ্ট্রীয় উদ্যানত অঘটন। বাঘে আক্ৰমণ কৰি চুচৰাই ঘন জংঘললৈ লৈ গ’ল গৃহৰক্ষী জোৱানক। প্ৰাপ্ত খবৰ অনুসৰি বুধবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত আন এজন বনকৰ্মীৰ সৈতে উদ্যানখনত কাহীবাৰী বনশিবিৰৰ ওচৰত টহল দি থকা অৱস্থাত বাঘে আক্ৰমণ কৰি চুচৰাই ঘন জংঘললৈ লৈ গ’ল গৃহৰক্ষী জোৱানক।

প্ৰায় ২ ঘন্টা ধৰি বন বিভাগে অভিজান চলাই অৱশেষত ধনমনি ডেকাৰ মৃত দেহ উদ্ধাৰ কৰিছে। জানিব পৰা মতে ধনমনি ডেকাৰ ঘৰ মঙ্গলদৈ হাতিমাৰা নগাঁত৷ প্ৰায় ৬ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল ধনমনি৷

Leave A Reply

Your email address will not be published.