Breaking

‘ভাল কাম কৰা হোমগাৰ্ড,কনিষ্টবলক Police Inspector পদলৈ কৰা হ’ব পদোন্নতি’-ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে

0 553

শনিবাৰে বৰসিং বে’ক আৰক্ষী কনিষ্টবল পদৰ নিযুক্তিপত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসম আৰক্ষীৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে। বৰসিং বে’ক অসম আৰক্ষীৰ সাহসিকতাৰ প্ৰতীক আখ্যা দি মুখ্যমন্ত্ৰীগৰাকীয়ে ভালৰ কাম কৰা হোমগাৰ্ড,কনিষ্টবল, এছ আইক Police Inspector(আৰক্ষী পৰিদৰ্শক) পদলৈ পদোন্নতি কৰা হ’ব বুলি ঘোষণা কৰে। লগতে সকলো আৰক্ষীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা তথা চিকিত্‍সা খৰচ চৰকাৰে বহন কৰাৰ ক্ষেত্ৰত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয় য়ে, ‘নিজকে সশস্ত্ৰ সংগ্ৰামী বুলি কোৱা বহু উত্তৰ পূবৰ সংগঠন ড্ৰাগছৰ ব্যৱসায়ত জড়িত। অৱশ্য আলফা জড়িত নহয় ড্ৰাগছ ব্যৱসায়ত। প্ৰতিগৰাকী চাকৰিয়ালে সততাক আঁকোৱালি লব লাগিব। আৰক্ষীৰ চিকিৎসা আৰু থকাৰ ব্যৱস্থা কৰিব অসম চৰকাৰে।’

উল্লেখ্য যে,  ২১ জুনৰ নিশা ইম্ফলৰ পৰা গুৱাহাটী অভিমুখী নৈশ বাছত বৰসং বে’য়ে তালাচী চলাই প্ৰায় ১২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল। সেই সময়ত বাছৰ চালকে বৰসিঙক টকা দিয়াৰ লোভ দেখুৱাইছিল যদিও নিজৰ সততা বিক্ৰী নকৰি সিঙে আটক কৰিছিল চালকজনৰ সৈতে আন দুগৰাকী মহিলাক।

আৰু এই কথা সৰ্বত্ৰ প্ৰচাৰ হোৱাৰ পিছতে সকলোৱে বৰসিঙক প্ৰশংসা কৰিছিল। গৃহৰক্ষী জোৱান বৰসিং বেক সম্বৰ্ধনা জনাইছিল খোদ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানে। আৰু ইয়াৰ পিছতে অসম চৰকাৰৰ কেবিনেটে  সাহসিকতাৰ স্বীকৃতি হিচাপে  গৃহৰক্ষী জোৱান বৰসিং বে’ক আৰক্ষী কনিষ্টবল পদলৈ উন্নিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

Leave A Reply

Your email address will not be published.