Hoolock Gibbon: অসমৰ পৰ্যটনৰ ক্ষেত্ৰ নৱ সংযোজন কাছিজানৰ হলৌ বান্দৰ

গুৱাহাটী, ২৮ অক্টোবৰঃ অসমৰ তিনিচুকীয়া জিলাখনক এক বাণিজ্যিক কেন্দ্ৰ হিচাপে গণ্য কৰা হয়।সমান্তৰালকৈ তিনিচুকীয়া জিলাখন প্ৰাকৃতিক, সাংস্কৃতিক, ধৰ্মীয় তথা আধ্যাত্মিক আদি বিভিন্ন দিশৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ঠাই হিচাপে পৰিচিত। উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিস্তৃত হৈ থকা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু তিনিচুকীয়াৰ বাৰেকুৰিত দুষ্প্ৰাপ্য তথা বিৰল প্ৰজাতিৰ হলৌ বান্দৰ(Hoolock Gibbon) পোৱা যায় বুলি অসম, ভাৰতৰ লগতে আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো জনাজাত(Dihing Patkai National Park)।

কিন্তু তিনিচুকীয়া জিলাৰে কাকপথাৰ অন্তৰ্গত কাছিজান গাঁৱতো(Kasijan Reserved Forest) যে হলৌ বান্দৰ পোৱা এই কথা একেবাৰে কম সংখ্যক লোকেহে জানে। অৱশ্যে অসমৰ প্ৰেক্ষাপটত কাছিজানৰ হলৌ বান্দৰে বহু বছৰ পূৰ্বে চৰ্চা লাভ কৰিছিল।

ইয়াৰ ওপৰত অসম চৰকাৰৰ অধীনত থকা বিভাগীয় কৰ্তৃপক্ষ, পৰিৱেশকৰ্মী, প্ৰাকৃতিক পৰিৱেশৰ লগত জড়িত দল-সংগঠন, সংস্থা আদি সমূহে আওকাণ কৰাৰ বাবেই কাছিজানৰ দুষ্প্ৰাপ্য হলৌ বান্দৰ অৱহেলিত হৈ ৰ’ল আৰু আজিও অৱহেলিত হৈ আছে(Assam Tourism Sector)।

সম্প্ৰতি অতি তাৎপৰ্যপূৰ্ণ কথা এইয়ে যে, ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত কুমচাং চাহ বাগিচা, কাছিজান গাঁৱৰ গাতে লাগি থকা কাছিজান সংৰক্ষিত বনাঞ্চলত গছ-গছনি কটা প্ৰতিযোগিতা চলিছে। বন ৰক্ষাৰ বাবে থকা বন বিভাগৰ কিছু কৰ্মচাৰীয়েই গছ কাটি এক প্ৰকাৰৰ ব্যৱসায়ত নামিছে।

এই অভিযোগ স্থানীয় লোকৰ। অৱশ্যে এই অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, সদৌ মৰাণ ছাত্ৰ সন্থাই সংবাদ মাধ্যম যোগে প্ৰকাশ কৰিছিল। উল্লেখ্য, কাছিজান সংৰক্ষিত বনাঞ্চলৰ দাঁতি কাষৰীয়া গাঁও কাছিজানত বৰ্তমান ৬ টাকৈ হলৌ বান্দৰ বিচৰণ কৰি ফুৰা তথ্য পোৱা গৈছে।

অতি শেহতীয়াকৈ ২৩ অক্টোবৰ, ২০২৪ তাৰিখে কাছিজান গাঁৱৰ নৰেন্দ্ৰ মৰাণৰ বাৰীত তিনিটা হলৌ বান্দৰে একেলগে বিচৰণ কৰি ফুৰা দেখা যায়। নৰেন্দ্ৰ মৰাণৰ ভাষ্য অনুসৰি কাছিজান গাঁও প্ৰতিষ্ঠা হোৱাৰ আগৰ পৰাই অৰ্থাৎ ১৯০৩ চনৰ পূৰ্বৰ পৰা কাছিজানত হলৌ বান্দৰ আছিল।

হলৌ বান্দৰ আৰু কাছিজানবাসীৰ মাজত আছে এক নিবীড় সম্পৰ্ক। কাছিজানৰ যুৱক সপোনজ্যোতি মৰাণ, কনক মৰাণ আৰু স্থানীয় লোকে কোৱা অনুসৰি, ২০২২ চনত প্ৰৱল দুমুহাৰ ফলত গছ পৰি এটা হলৌৰ মৃত্যু হয়। ২০২৩ চনৰ ৩ জুন তাৰিখে উচ্চ ক্ষমতাৰ বিদ্যুত পৰিবাহী তাঁৰত লাগি কৰুণভাৱে মৃত্যু হয় আন এটা হলৌ বান্দৰ। দুষ্প্ৰাপ্য হলৌ বান্দৰৰ মৃত্যুত শোকস্তব্ধ হৈ পৰে কাছিজানবাসীয়ে(Tinsukia)।

উল্লেখ্য, অসমীয়া সমাজত মানুহ মৃত্যু হ’লে যেনেকৈ নীতি-নিয়ম অনুসৰি তিনিদিনত তিলনী তথা শ্ৰাদ্ধ পাতে ঠিক তেনেকৈ হলৌ বান্দৰৰ মৃত্যুৰ তিনিদিনৰ অন্তত অৰ্থাৎ ৫ জুন তাৰিখে শোকস্তব্ধ কাছিজানবাসীয়ে হলৌৰ আত্মাৰ মুক্তি কামনা কৰি পালন কৰে শ্ৰাদ্ধ। হলৌৰ প্ৰতি থকা মৰমৰ বাবেই আজিও স্থনীয় লোকে হলৌক কল খাবলৈ দিয়ে।

কাছিজানো হ’ব পৰ্যটনৰ এক গুৰুত্বপূৰ্ণ ঠাই। কাছিজানত থকা হলৌ বান্দৰসমূহ সংৰক্ষণ কৰাৰ প্ৰয়োজন আছে। এই সংৰক্ষণৰ দ্বাৰাই হলৌ বান্দৰৰ ওপৰত পৰ্যটন কৰি কাছিজান অঞ্চলৰ বহু যুৱক-যুৱতীয়ে নিশ্চিতভাৱে কৰ্মসংস্থাপনৰ দিশ হিচাবে ল’ব পাৰিব। কাছিজান সংৰক্ষিত বনাঞ্চলখন অতি মূল্যৱান বনাঞ্চল হিচাবে চিহ্নিত হৈছে।

কিয়নো তাত আছে অসমৰ ৰাজ্যিক তথা জাতীয় গছ হোলোং, দুস্প্ৰাপ্য লাজুকী বান্দৰ, ৰাজ্যিক পক্ষী দেওহাঁহ, হাতী, ছাগলী পহু, বাঘ, চৰাই, পখিলা, বনৌষধ, অৰ্কিড, গছ-গছনি ইত্যাদি। সেয়ে এই বনাঞ্চলখন প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত যথেষ্ট চহকী। গতিকে ইয়াক সংৰক্ষণ কৰিব নোৱাৰিলে অসমৰ এক মূল্যৱান সম্পদ হেৰাই যাবলৈ বৰ বেছি সময় নালাগিব।

তিনিচুকীয়া লিহিৰি ইক’ ক্লাবৰ সম্পাদক সোনজিত মৰাণে কাছিজানৰ হলৌ বান্দৰৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসম চৰকাৰৰ লগতে প্ৰকৃতিপ্ৰেমী, পৰিৱেশকৰ্মী, পৰিৱেশৰ লগত জড়িত দল-সংগঠনক আহ্বান জনাইছে। কাইলৈ অৰ্থাৎ ২৪ অক্টোবৰ তাৰিখে “বিশ্ব হলৌ দিৱস”। এই দিৱস ২০১৫ চনৰ পৰা সমগ্ৰ দেশতে পালন কৰি আহিছে।

অসমৰ অকণিৰ পাঠ্যপুথিত বহু বছৰ পূৰ্বে প্ৰকাশিত কবি মিত্ৰদেৱ মহন্তৰ- “হলৌ উঠিল টকৌ গছত, লগাই খদৌ মদৌ জৌ জৌ কৈ সৰিল নিয়ঁৰ হ’ল জলৌ জপৌ।” শীৰ্ষক কাব্যশাৰী আজি পুনৰবাৰ দুহাৰি সমগ্ৰ দেশবাসীলৈ ‘বিশ্ব হলৌ দিৱস’ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Related Articles