মহিলা যৌন কৰ্মীক লৈ মৰিগাঁও জিলাত ভয়ংকৰ তথ্য।প্ৰায় ৩০০ যুৱতী মহিলাক যৌন কৰ্মী হিচাপে পঞ্জীয়ন।ভুৱা যৌন কৰ্মী পঞ্জীয়নৰ অভিযোগ স্বেচ্ছাসেৱী সংগঠনৰ বিৰুদ্ধে।জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান “গণ কণ্ঠৰ”।মৰিগাঁও জিলাত পোহৰলৈ আহিছে মহিলা যৌন কৰ্মীৰ ভয়ংকৰ তথ্য ৷ জিলাখনত আছে প্ৰায় তিনি শতাধিক মহিলা যৌন কৰ্মী ৷ পিছে ক’ৰ পৰা হঠাৎ আবিৰ্ভাৱ হ’ল এই যৌন কৰ্মী সকলৰ?মৰিগাঁও জিলাত পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য ৷ জিলাখনত আছে প্ৰায় তিনি শতাধিক সক্ৰিয় মহিলা যৌন কৰ্মী৷এইসকল মহিলা যৌনকৰ্মী “মৰিগাঁও জিলা চমলা মহিলা সংঘত পঞ্জীয়নভূক্ত ৷সংগঠনটোৱে জিলা এইডচ নিয়ন্ত্ৰণ বিষয়ালৈ ১১ জানুৱাৰীত প্ৰেৰণ কৰা এখন পত্ৰই পোহৰলৈ আনিছে এই ভয়ংকৰ তথ্য ৷স্বেচ্ছাসেৱী সংগঠনটোৰ সহযোগত মৰিগাঁও জিলাত প্ৰায় তিনি শতাধিক মহিলা যৌন কৰ্মী পঞ্জীয়ন হোৱাৰ এই অভিযোগ উত্থাপন কৰিছে “গণ কণ্ঠ” নামৰ এটা সংগঠনে। সংগঠনটোৰ অভিযোগ, প্ৰথম অৱস্থাত এইডছৰ ওপৰত সজাগতা সৃষ্টি কৰি অহা এই সংগঠনটো নামি পৰিছে ভুৱা যৌন কৰ্মী পঞ্জীয়নৰ ক্ষেত্ৰত।
একাংশ ভুৱা যুৱতী মহিলাৰ নাম যৌন কৰ্মী হিচাপে পঞ্জীয়ন কৰি অখ্যাত সংগঠনটোৱে মুনাফা লুটাৰ বিপৰিতে হেয় প্ৰতিপন্ন কৰিছে জিলাখনক । সেয়ে মৰিগাঁও জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰি তদন্তৰ দাবী কৰিছে “গণ কণ্ঠ” নামৰ সংগঠনটোৱে ৷ উল্লেখ্য যে, ৰাজ্যৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে ২১ মাৰ্চত প্ৰদান কৰা এক নিৰ্দেশনা অনুসৰি এইসকল যৌন কৰ্মীক এতিয়া ৰেচন কাৰ্ড প্ৰদান কৰাৰ বাবে প্ৰস্তুতি চলাইছে মৰিগাঁও জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগে ৷