২০২৪ চনটো পৃথিৱীৰ আটাইতকৈ উষ্ণ বছৰ হিচাপে চিহ্নিত হৈছে। শেহতীয়াকৈ ইউৰোপীয় বিজ্ঞানীসকলে এই তথ্য প্ৰকাশ কৰিছে। একে সময়তে ২০২৫ চনৰ প্ৰথম মাহত স্বাভাৱিকতকৈ গৰম হ’ব।
এই বছৰ শেষ হ’বলৈ বাকী আছে মাত্ৰ কেইটামানদিন। তাৰ আগতে এই তথ্য কপাৰনিকাছ জলবায়ু পৰিৱৰ্তন সেৱাই প্ৰকাশ কৰিছে। বছৰৰ আৰম্ভণিৰ পৰা নৱেম্বৰ পৰ্যন্ত উষ্ণতাৰ তথ্য বিশ্লেষণ কৰি এই কথা কৈছে বিজ্ঞানীসকলে। ঔদ্যোগিক যুগৰ আগতেও পৃথিৱীখন অত্যন্ত গৰম আছিল। এতিয়া সেই মাত্ৰা অতিক্ৰম কৰিছে। এইবাৰৰ গড় উষ্ণতা তাতকৈ অধিক আছিল(স্বাভাৱিকতকৈ ১.৫ ডিগ্ৰী চেলছিয়াছ)।
জলবায়ু পৰিৱৰ্তনৰ কাৰণ হিচাপে দুটা কাৰক উল্লেখ কৰা হৈছে। প্ৰথমতে, বিভিন্ন মহাদেশৰ উষ্ণতা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালকৈ সাগৰৰ তলৰ উষ্ণতাও বাঢ়িছে। জলবায়ুৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিছে। কপাৰনিকাছৰ জলবায়ু গৱেষক জুলিয়েন নিকোলাছে সংবাদ মাধ্যমৰ আগত কয় যে মূলতঃ কাৰ্বন ডাই অক্সাইড আৰু কাৰ্বন মনোক্সাইডৰ নিৰ্গমনৰ বাবে প্ৰদূষণৰ পৰিমাণ বৃদ্ধি পাইছে। ২০২৪ চনত সমগ্ৰ বিশ্বতে খৰাং, বানপানী, তীব্ৰ গৰমৰ ঢৌৰ সাক্ষী হৈ পৰিছে বিশ্বৰ জনসাধাৰণ। ইটালী আৰু দক্ষিণ আমেৰিকাত ভয়ংকৰ খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে। নেপাল, চুডান আৰু ইউৰোপত সংঘটিত হৈছে বিধ্বংসী বান। মেক্সিকো, মালি আৰু চৌদি আৰৱত গৰমৰ ঢৌ বলিছে।
আহি আছে ২০২৫ চন। বছৰৰ প্ৰথম কেইমাহমান সাধাৰণতকৈ বহু বেছি উষ্ণ হ’ব। কিন্তু লা নীনা যদি বিজ্ঞানীসকলৰ মতামত হয় তেন্তে কিছু পৰিৱৰ্তন হ’ব পাৰে। অন্যথা বিশ্বই বিপৰ্যয়জনক গৰমৰ ঢৌ, খৰাং, বনজুই আৰু গ্রীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহৰ সন্মুখীন হ’ব পাৰে। প্ৰসংগক্ৰমে এইবাৰৰ নৱেম্বৰ মাহটো অধ্যয়নত দ্বিতীয় উষ্ণ নৱেম্বৰ হিচাপে ওলাই পৰিছে। জানিব পৰা মতে,বিগত সময়ত আটাইতকৈ উষ্ণ মাহটো আছিল ২০২৩ চনৰ নৱেম্বৰ মাহ।