Breaking

পিৰিয়ডছৰ সময়ত অভিনেত্ৰীসকলে কেনেকৈ শ্বুটিং কৰে? ক’লে জয়া, কৰীনা; আলিয়াই…

0 107

পিৰিয়ডছৰ সময়ত প্ৰতিগৰাকী মহিলাই বহু কষ্টৰ সন্মুখীন হ’বলগীয়া হয়। আনহাতে শ্বুটিং কৰাৰ সময়ত অভিনেত্ৰীসকলেও বহু সমস্যাৰ সন্মুখীন হয়। এনে পৰিস্থিতিত হিনা খান, জয়া বচ্চন, কৰীনা কাপুৰ আৰু আলিয়াই প্ৰকাশ কৰিছিল মহিলাসকলে মাহেকীয়াৰ সময়ত অসহ্যকৰ যন্ত্ৰণা ভোগ কৰাৰ কথা।

কৰীনা কাপুৰ খানে এবাৰ পিৰিয়ডৰ কথা কওঁতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। তাৰ পিছত তেওঁ এটা সাক্ষাৎকাৰত কৈছিল যে পিৰিয়ডৰ সময়ত নিশ্চিতভাৱে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। তীব্ৰ বিষ আৰু ক্ৰেম্পৰ বাবে অৱস্থা অতি বেয়া হৈ পৰে। কৰীণাই এইটোও কৈছিল যে পিৰিয়ড কোনো ৰোগ নহয়, সেয়েহে ইয়াক উপভোগ কৰি কাম কৰা উচিত।

একে সময়তে আলিয়া ভাটে পিৰিয়ডৰ সময়ত হোৱা সমস্যাৰ বাবে পিৰিয়ড ছুটিৰ সমৰ্থন কৰে। আলিয়াৰ উপৰিও তাপসী পান্নুৱেও কৈছিল- ‘পিৰিয়ডছত ছুটী লোৱাটো সহজ হ’লে ভাল আছিল। মোৰ পিৰিয়ড হৈছে আৰু ছুটীৰ প্ৰয়োজন বুলি ক’ব পৰা হ’লে ভাল আছিল।

হিনা খান বৰ্তমান স্তন কেন্সাৰৰ সৈতে যুঁজি আছে। এবাৰ পিৰিয়ডৰ সময়ত শ্বুটিঙৰ বিষয়ে পোষ্ট কৰিছিল হিনাই। লিখিছিল, ‘পিৰিয়ডৰ সময়ত দুদিন শ্বুটিং নকৰাৰ বিকল্প থাকিলে ভাল আছিল। কিমান ভাল লাগিলহেঁতেন।

আহাতে বলীউডৰ প্ৰবীণ অভিনেত্ৰী জয়া বচ্চনে নাতিনীয়েক নব্য নভেলীৰ প’ডকাষ্টত পিৰিয়ডৰ সময়ত শ্বুটিঙৰ কথা কৈছিল। তাৰ পিছত তেওঁ কছিল যে আজিৰ সময়ত চেটবোৰত ডাঙৰ ডাঙৰ পৰিষ্কাৰ ৱাশ্বৰুম আছে, এচি আছে। কিন্তু তেওঁৰ সময়ত আউটড’ৰ শ্বুটিং বেছি হৈছিল আৰু বহু অভিনেত্ৰীয়ে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। তাৰ ওপৰত পিৰিয়ড হ’লে জোপোহাৰ পিছফালে পেড সলনি কৰাৰ প্ৰয়োজন হৈছিল।

Leave A Reply

Your email address will not be published.