Breaking

কেনে আছে ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ সৈতে ৩৮ বছৰে জড়িত টংকেশ্বৰ কলিতা

0 2,082

সমগ্ৰ দেশৰ লগতে অসমতো কভিড ১৯ নে ভয়াবহ ৰূপ লোৱা সময়তে এই ৰোগৰ পৰা দেশৰ জনতাক ৰক্ষা কৰা উদেশ্যৰে দেশৰ প্ৰধান মন্ত্ৰীয়ে ইটোৰ পিছত সিটো লকডাউনৰ ঘোষণা কৰে।যাৰ ফলত সমগ্ৰ দেশৰ লগতে অসমৰো ভ্ৰাম্যমাণ থিয়েটাৰৰ জগত খন একেবাৰে বন্ধ হৈ যোৱা পৰিলক্ষিত হৈছে। ফলশ্ৰুতিত বিগত ৩৮ বছৰ ধৰি  ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ লগত জড়িত  টংকেশ্বৰ কলিতা দৰে ব্যক্তি সকললৈ সংকত নামি আহিছে। পদ পথত লাউ,বেঙেনা, আলু পিয়াজ আদি লৈ জীয়াই থকাৰ তাড়নাত দুই-চাৰি টকা পোৱাৰ আশাৰে গ্ৰাহক অহালৈ অপেক্ষা কৰি থকা এইজনেই টংকেশ্বৰ কলিতা। সোমবাৰে মৰিগাঁও চহৰৰ মাজমজিয়াৰ পদপথত শাক-পাচলি বিক্ৰী কৰি থকা অৱস্থাত একাংশ সাংবাদিকে দেখা পাই তাৎক্ষণিকভাৱে তেখেতৰ পৰা কিছু কথা জানিব বিছৰাত প্ৰকাশ কৰে যে বিগত ৩৮ বৰ্ষৰে তেওঁ অসমৰ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰি আহিছে ।অভিনয় তেওঁ প্ৰেচা হয় ।ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰিয়ে নিজৰ পৰিয়ালটিক কোনো অভাব নোহোৱাকৈ চলাই গৈছিল।বিগত সময়ত চৰকাৰে লগডাউন ঘোষণা কৰা পিছত ভ্ৰাম্যমাণ থিয়েটাৰ সমুহ অচল হৈ পৰিল যাৰ ফলত তেওঁলোকৰ দৰে থিয়েটাৰৰ শিল্পী সমুহৰ লগতে পৰিয়ালৰ সদস্য সকলৰ জীৱনলৈ অন্ধকাৰ নামি আহিল।অভিনয় কৰি পৰিয়াল পোহপাল দিব নোৱাৰা হোৱা পেটৰ তাড়নাত এতিয়া এই দৰে পদপথত মুলধনৰ অভাবত সামান্য কেইটামান সামগ্ৰী লৈ  গ্ৰাহকৰ বাবে ৰৈ থাকিব লগিয়া হৈছে বুলি মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.