Breaking

নীতা আম্বানীৰ স্কুলত পঢ়িবলৈ প্ৰতি বছৰে ষ্টাৰ কিডে কিমান টকা খৰচ কৰে? জানেনে…

0 33

মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীয়ে ২০০৩ চনত মুম্বাইৰ বান্দ্ৰা অঞ্চলত এখন বিদ্যালয় স্থাপন কৰে। মুকেশৰ পিতৃ ধীৰুভাই আম্বানীৰ নামেৰে বিদ্যালয়খনৰ নামকৰণ কৰা হৈছে। এই স্কুলখনত হিন্দী চলচ্চিত্ৰ জগতৰ অধিকাংশ শীৰ্ষ তাৰকাৰ সন্তান পঢ়ে।

মুকেশ আম্বানীৰ কন্যা ঈশা আম্বানীয়ে এই বিদ্যালয়ৰ উপাধ্যক্ষৰ পদত অধিষ্ঠিত। খবৰ অনুসৰি আম্বানীৰ বিদ্যালয়ত পঢ়িবলৈ ১৪ৰ পৰা ২০ লাখ টকা খৰচ কৰে প্ৰতি বছৰে।সেইখন বিদ্যালয়ত অষ্টম শ্ৰেণীৰ পৰা দশম মানলৈকে পঢ়াৰ বাবে প্ৰতি বছৰে ৫ লাখ ৯০ হাজাৰ টকা খৰচ হয়।দশম মান সম্পূৰ্ণ কৰাৰ পিছত এজন ছাত্ৰই ইচ্ছা কৰিলে আন এখন বিদ্যালয়ত নামভৰ্তি ল’ব পাৰে।কিন্তু আম্বানী স্কুলৰ পৰা যদি ১১ম আৰু দ্বাদশ শ্ৰেণী পঢ়িব বিচাৰে তেন্তে প্ৰতি বছৰে ৯ লাখ ৬৫ হাজাৰ টকা খৰচ কৰিব লাগিব।

আম্বানী স্কুলত আছে অত্যাধুনিক শ্ৰেণীকোঠা, ব্যক্তিগত শিক্ষক আৰু একাধিক বিষয়ৰ বিশেষ প্ৰশিক্ষণ উপলব্ধ। চুহানা খান, আৰিয়ান খান, চাৰা আলী খান, খুছি কাপুৰৰ পৰা আৰম্ভ কৰি অনন্যা পাণ্ডে, নাইছা দেৱগান, চাৰা তেণ্ডুলকাৰ, তাৰকা-শিশু আম্বানী স্কুলত পঢ়িছিছিল।

Leave A Reply

Your email address will not be published.