Breaking

সুৰংগত কিদৰে সময় অতিবাহিত কৰিছে ৪১ জন শ্ৰমিকে…

0 15,265

উত্তৰকাশী সুৰংগ দুৰ্ঘটনাৰ খবৰঃ উত্তৰকাশীৰ সুৰংগত আবদ্ধ শ্ৰমিকসকলৰ বাবে সাহায্য আৰু উদ্ধাৰৰ কাম অব্যাহত আছে। ৪১ জন শ্ৰমিকৰ প্ৰথমটো ভিডিঅ’ পোহৰলৈ আহিছে য’ত দেখা গৈছে যে এইসকল লোকে যোৱা ১০ দিন ধৰি এই সুৰংগটোত কেনে পৰিস্থিতিত সময় কটাইছে। শ্ৰমিকসকলে নিজকে শাৰীৰিক আৰু মানসিকভাৱে সবল কৰি ৰাখিবলৈ বিভিন্ন পদ্ধতি গ্ৰহণ কৰিছে।

নিয়মীয়াকৈ খোজ কঢ়া, যোগাসন আৰু আপোনজনৰ লগত কথা পাতি সুৰংগৰ ভিতৰত নিজকে জীয়াই ৰাখিছে এইসকল শ্ৰমিকে। অতি সোনকালে এই শ্ৰমিকসকলে মোবাইল ফোন আৰু চাৰ্জাৰ লাভ কৰিব, যাতে তেওঁলোকে নিজকে ব্যস্ত ৰাখিব পাৰে। ইয়াৰ পূৰ্বে ধ্বংসাৱশেষৰ পৰা সুৰংগটোৰ ভিতৰত ছয় ইঞ্চি বহল পাইপলাইন সুমুৱাই দিয়া হৈছিল, তাৰ মাজেৰে দাইল, খিচড়ি, কল, আপেল আৰু পানী শ্ৰমিকসকলক খাদ্যৰ বাবে প্ৰেৰণ কৰা হৈছিল। এই পাইপটোত এটা কেমেৰাও সোমোৱাই দিয়া হৈছিল, য’ৰ পৰাই ভিডিঅ’টো ওলাইছে। য’ত যোৱা দহ দিন ধৰি সুৰংগটোত শ্ৰমিকসকলে কি অৱস্থাত বাস কৰি আছে সেয়া দেখা যায়।

Leave A Reply

Your email address will not be published.