অংগ হিচাপে আমাৰ ভৰি দুখন দুখজনকভাৱে অৱহেলিত। জীৱনৰ প্ৰতিটো মুহূৰ্ততে প্ৰয়োজনীয় ভৰি দুখনৰ যতনৰ কথা আমি কমেই ভাবোঁ। অথচ ভৰি নোহোৱা জীৱনৰ বিষয়ে কল্পনা কৰিলেও গা শিয়ৰি উঠে। ভৰি দুখন ভালে থকালৈকে বা আন কথাত অকামিলা হৈ নপৰালৈকে ভৰিৰ আৱশ্যকতা অনুভৱ কৰিব নোৱাৰি।
ভৰি যে অত্যন্ত গুৰুত্বপূৰ্ণ অংগ, সেই কথা আমাৰ ফকৰা যোজনা, প্ৰবাদ, প্ৰবচনতো সুন্দৰকৈ উল্লেখ আছে, যেনে- হস্তিৰ পিছলে পাৱ, ভৰিৰ তলৰ মাটি, নিজৰ ভৰিত থিয় দিয়া, ফান্দত ভৰি নিদিবা ইত্যাদি।
আজিকালি খোজ নকঢ়াকৈয়ে বহুমহলীয়া অট্টালিকাত উঠিব পাৰি, ইখন দেশৰ পৰা সিখন দেশলৈ যাব পাৰি। কিন্তু লিফট বা উৰাজাহাজত উঠা-নমা কৰিবলৈ আপোনাক ভৰি লাগিবই।অন্যথা আনৰ অনুগ্ৰহৰ বাবে অপেক্ষা কৰিব লাগিব। অনুগ্ৰহ বহুক্ষেত্ৰত গ্লানিকৰ। সেয়ে দৈনন্দিন ব্যস্ততাৰ মাজতো কিছু সময় উলিয়াই নিয়মীয়াকৈ ভৰিৰ যতন লোৱা উচিত।
আপোনাৰ সজাগতাৰ অভাৱত, সামান্য যতনৰ অভাৱত যদি ভৰি দুখন অকামিলা হৈ পৰে বা শৰীৰৰ পৰা গুচাই দিব লগা হয়, তাতকৈ দুৰ্ভাগ্যজনক পৰিঘটনা কিবা হ’ব পাৰেনে?
প্ৰতিজন ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰতে এনে মৰ্মান্তিক সম্ভাৱনা থাকে। সেয়ে ডায়েবেটিছ ৰোগীসকলে বিশেষভাৱে ভৰিৰ যতন ল’ব লাগে।
ডায়েবেটিছ ৰোগীৰ ভৰিৰ সমস্যা –
তেজত দীৰ্ঘদিন ধৰি উচ্চ মাত্ৰাত ছুগাৰ থাকিলে স্নায়ুবোৰ নষ্ট হ’বলৈ ধৰে। ফলত ভৰিৰ সংবেদনশীলতা হ্ৰাস পায়। সেয়ে ভৰি কাটিলে, ৰক্তক্ষৰণ হ’লে বা ঘা লাগিলে ৰোগীয়ে গম নাপাবও পাৰে। এই কথা সকলোৱে জানে যে ডায়েবেটিছত কটা-ছিঙা হ’লে সহজতে ঘা নুশুকায়। ভৰিৰ সংবেদনশীলতা কমি যায় বাবে বহু সময়ত ঘা বেয়াকৈ বিয়পি পৰা সত্ত্বেও ৰোগীয়ে গমেই নাপায়। ভৰিৰ পৰা ঘা-পূঁজৰ দুৰ্গন্ধ ওলালেহে গম পায়। তেনে ঘা বিপজ্জনক হ’ব পাৰে। ভৰিৰ সাধাৰণ ফোঁহা এটা বা ঘাক গুৰুত্বহীন বুলি ভাবি এৰাই চলাৰ পৰিণতি ভয়ংকৰ হ’ব পাৰে।
জানি থওক –
*ডায়েবেটিছ হ’লে ভৰিৰ সংবেদনশীলতা কমি যায়।
*ভৰিৰ তেজ চলাচল হ্ৰাস পায়। ফলস্বৰূপে ছাল বা মাংসপেশীৰ বাহিৰত ঘা আৰু সংক্ৰমণ হ’লে তাৰ বিৰুদ্ধে শৰীৰৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থাই যুঁজ দিয়াৰ শক্তি হেৰুৱায়।
*কিছুমান বেয়া সংক্ৰমণ ঔষধি চিকিৎসাৰে নিৰাময় কৰাটো অসম্ভৱ হৈ পৰে। যি গেংগ্ৰেইনৰ ৰূপ লয় আৰু সংশ্লিষ্ট অংগ বা শৰীৰৰ অংশ গুচাই দিবলগীয়া হয়।
*সংবেদনশীলতা কমি যোৱাৰ ফলত ঘা লাগিলে বা কটা-ছিঙা হ’লে বিষ অনুভৱ নহয়।
*ভৰিৰ যিকোনো সংক্ৰমণ বিপজ্জনক হ’ব পাৰে।
কেইটামান বিশেষ লক্ষণ –
ভৰিত ঠাণ্ডা লগা, অলপ সময় খোজ কাঢ়িলেও ভৰিৰ পতা বিষোৱা, শোৱাৰ সময়ত ভৰিৰ পতাত বিষ অনুভৱ হোৱা, ভৰিৰ ছাল পাতল হোৱা বা চকচকীয়া আৰু ফাটি যোৱাৰ দৰে হোৱা, ভৰি বা ভৰিৰ আঙুলিৰ পৰা নোম সৰা, ভৰি ওপৰত ৰাখিলে ছালৰ ৰং কলা পৰা বা সালসলনি হোৱা, নখত ভেঁকুৱৰ লগা, বেছি সময় বহি থাকিলে ভৰি ফুলা আৰু বিষ হোৱা ইত্যাদি।
মন কৰিবলগীয়া যে উপৰিউক্ত লক্ষণসমূহ আন কিছুমান ৰোগৰ ক্ষেত্ৰতো দেখা দিব পাৰে। তদুপৰি এগৰাকী সুনিৰ্দিষ্ট ৰোগীৰ বেলিকা আটাইবোৰ লক্ষণে একেলগে প্ৰকাশ নাপাবও পাৰে।
সেয়ে এনে এক বা একাধিক লক্ষণ পৰিলক্ষিত হ’লে অৱহেলা নকৰি ডায়েবেট’লজিষ্টৰ ওচৰলৈ গৈ পৰামৰ্শ গ্ৰহণ কৰিব। আপোনাৰ অৱহেলাৰ চৰম পৰিণতি হিচাপে এখন বা দুয়োখন ভৰি চিৰদিনৰ কাৰণে হেৰুৱাব লগা পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।
লেখক: ডাঃ নাছিমুৰ ৰিয়াজ