Breaking

কাষলতিৰ ক’লা অংশ কিদৰে বগা কৰিব, ব্যৱহাৰ কৰক এই সমূহ বস্তু…

0 19

কেতিয়াবা ক’লা আণ্ডাৰআৰ্মৰ পৰা মুক্তি পোৱাটো কঠিন, কিন্তু সঠিক ঘৰুৱা উপায় গ্ৰহণ কৰি আপুনি ক’লা আণ্ডাৰআৰ্মৰ মুক্তি লাভ কৰিব পাৰে। ক’লা আণ্ডাৰআৰ্মৰ বাবে কেতিয়াবা হাতৰ আঁচল নথকা কাপোৰ পিন্ধিবলৈও আমি লাজ অনুভৱ কৰো। অৱশ্যে চিন্তাৰ কোনো কাৰণ নাই ঘৰুৱা উপায় আছে, যাৰ সহায়ত আপুনি আপোনাৰ বাহুৰ তলৰ অংশটো চাফা কৰি ৰাখিব পাৰে।

কিদৰে চাফা কৰিব বাহুৰ তলৰ ক’লা অংশ-

১/ নেমুৰ ব্যৱহাৰ

নেমুত প্ৰাকৃতিক ব্লিচিং এজেণ্ট থাকে, যিয়ে ছালৰ ক’লা কমোৱাত সহায় কৰিব পাৰে। নেমুৰ টুকুৰা এটা লৈ বাহুৰ তলত লাহে লাহে ঘঁহি ১০-১৫ মিনিট ৰাখিব আৰু তাৰ পিছত ঠাণ্ডা পানীৰে ধুব। নিয়মিতভাৱে ব্যৱহাৰ কৰিলে কেইসপ্তাহমানৰ ভিতৰতে আপুনি পাৰ্থক্যটো দেখা পাবলৈ আৰম্ভ কৰিব।

২/ বেকিং চোডা আৰু পানী

বেকিং ছ’ডাই এক্সফ’লিয়েটৰ হিচাপে কাম কৰে আৰু মৃত ছাল আঁতৰাই ছালৰ জিলিকনি বৃদ্ধি কৰে। এচামুচ বেকিং চোডাত অলপ পানী মিহলাই পেষ্ট বনাওক আৰু বাহুৰ তলত লগাওক। বৃত্তাকাৰ গতিৰে লাহে লাহে মালিচ কৰি তাৰ পিছত পানীৰে ধুব। সপ্তাহত ২-৩ বাৰ ব্যৱহাৰ কৰিলে আন্ধাৰ কমি যাব পাৰে।

৩) নাৰিকল তেলৰ মালিচ

নাৰিকল তেলত ভিটামিন ই থাকে, যিয়ে ছালৰ পুষ্টি প্ৰদান কৰে আৰু ছালৰ ৰং উন্নত কৰে। গা ধোৱাৰ আগতে বাহুৰ তলৰ অংশত নাৰিকল তেলেৰে মালিচ কৰিব লাগে। ১০-১৫ মিনিট ৰাখি তাৰ ধুব। ইয়াৰ ফলত ছালখন আৰ্দ্ৰ হৈ থাকিব আৰু লাহে লাহে ক’লা কমি যাব।

৪/ এলোভেৰা জেল

এলোভেৰাত এন্টিঅক্সিডেন্ট থাকে, যিয়ে ছালখন মেৰামতি আৰু পাতল কৰাত সহায় কৰে। এলোভেৰাৰ পাতৰ পৰা সতেজ জেল উলিয়াই বাহুৰ তলত লগাব লাগে। ২০-৩০ মিনিট ৰাখি তাৰ পিছত ঠাণ্ডা পানীৰে ধুব।

Leave A Reply

Your email address will not be published.