Breaking

সাৱধান ! শিশুক চাহ খাবলৈ নিদিব…

0 64

সাৱধান ! শিশুক চাহ খাবলৈ নিদিব। ডাঙৰ-সৰু সকলোৰে প্ৰিয় চাহ। অৱশ্যে শিশুক চাহ দিয়াটো কিমান বিপদজনক হ’ব পাৰে সেই বিষয়ে হয়তো বহু লোক অজ্ঞাত। যদি আপোনাৰ সন্তানেও চাহ খোৱাৰ অভ্যাস আছে তেন্তে চাহ খোৱাৰ অসুবিধা সমূহৰ বিষয়ে জানি লওক। আচলতে চাহ আৰু কফি দুয়োটাতে প্ৰচুৰ পৰিমাণে কেফেইন আৰু চেনি পোৱা যায়। কেফেইন আৰু চেনি দুয়োটাই স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাই। ইয়াৰ ফলত কেৱল শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ নপৰে, শিশুটিৰ মানসিক স্বাস্থ্যতো প্ৰভাৱ পৰে।

১২ বছৰৰ তলৰ শিশুক চাহ খুৱাব নালাগে। কিয় জানেনে? চিকিৎসকৰ মতে কেফেইনযুক্ত মিঠা বস্তু সেৱন কৰিলে শিশুৰ দাঁত ক্ষয়ৰ সমস্যা হ’ব পাৰে। কেৱল এয়াই নহয়, চাহ-কফি অধিক পৰিমাণে সেৱন কৰিলে সঘনাই প্ৰস্ৰাৱ কৰাৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। আমেৰিকান একাডেমী অৱ পেডিয়াট্ৰিক্সৰ তথ্য অনুসৰি ১২ বছৰৰ তলৰ শিশুক কেফেইনযুক্ত বস্তু সেৱন কৰিবলৈ দিয়া উচিত নহয়। চাহ-কফিও তেওঁলোকক দিব নালাগে।

আনহাতে ১২-১৮ বছৰ বয়সৰ লোকে দৈনিক ১০০ মিলিগ্ৰামতকৈ অধিক কেফেইন সেৱন কৰিব নালাগে। যদি আপুনি শিশুক অত্যধিক পৰিমাণৰ চাহ বা কফি দি থাকে, তেন্তে বহু স্বাস্থ্যজনিত সমস্যাই তেওঁলোকক আগুৰি ধৰিব পাৰে। তেওঁলোকৰ হাড়বোৰ দুৰ্বল হৈ পৰিব পাৰে। টোপনিৰ অভাৱ হ’ব পাৰে। খিংখিঙীয়া, ডায়েবেটিছ, পানীলগা সমস্যা হ’ব পাৰে।

Leave A Reply

Your email address will not be published.