সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বৰক্ষেত্ৰীৰ দুখনকৈ বিদ্যালয়ৰ শোচনীয় প্ৰদৰ্শন। শিক্ষাৰ নৱদ্বীপ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰ বালিকা হাইস্কুল আৰু চণ্ডী মেধি বালিকা বিদ্যালয়ৰ শোচনীয় ফলাফল।(HSLC Result 2025) সাত গৰাকী শিক্ষক থকা ৰামপুৰ বালিকা হাইস্কুলৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ৮ গৰাকী শিক্ষাৰ্থীৰ এগৰাকীও উত্তীৰ্ণ হ’ব নোৱাৰিলে।
উল্লেখযোগ্য যে বিগত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাতো এই বিদ্যালয়খনৰ পৰা ১৭ গৰাকী শিক্ষাৰ্থীৰ এগৰাকীও উৰ্ত্তীণ হোৱা নাছিলে। আনফালে আঠ গৰাকী শিক্ষক থকা নাৰায়ণপুৰ চণ্ডী মেধি বালিকা বিদ্যালয়ৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈ মাত্ৰ এগৰাকীহে উত্তীৰ্ণ হয়।
শোচনীয় ফলাফলৰ বাবে দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ ইতিমধ্যে শিক্ষা বিভাগে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে। পৰ্যাপ্ত শিক্ষক শিক্ষয়ত্ৰী তথা সকলো সা-সুবিধা থকাৰ পিছতো দুয়োখন বিদ্যালয়ৰ শোচনীয় ফলাফলে লজ্জিত কৰিছে বৰক্ষেত্ৰীৰ শিক্ষিত সমাজক। বিদ্যালয় দুখনৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ শিক্ষা বিভাগক অনুৰোধ জনাই স্থানীয়লোক সকলে।