Breaking

বৃহত্তৰ ধনশিৰি সচেতন ৰাইজৰ উদ্যোগত বিশাল সজাগতা সভা…

0 100

দৰং ওদালগুৰি জিলাৰ সীমান্ত অঞ্চল ৬৬ নং ধনশিৰি পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ প্ৰাঙ্গনত দেওবাৰে আবেলি দুই বজাত এক বিশাল সজাগতা সভা অনুষ্ঠিত হয়।সভা খনৰ সভাপতিত্ব কৰে বিশিষ্ট সমাজ সেৱক জুলফিকৰ আলি ভুট্টো। সমাজত প্ৰচলিত অনৈতিক কাম-কাজ তীৰ-জোৱা,বাল্য বিবাহ,বহু বিবাহ,ড্ৰাগছ,গাঞ্জা,মদ সেৱন,আদি সমাজ বিৰোধী কাৰ্য্যকলাপৰ বিৰুদ্ধে অনুষ্ঠিত হয় সজাগতা সভা। সভাৰ আৰম্ভণিতেই উদাক্ত ভাষন প্ৰদান কৰে ধনশিৰিৰ স্থানীয় যুৱ লেখক তথা শিক্ষক মুছাব্বিৰুল হক। তেওঁ ভাষন প্ৰসঙ্গত কয় যে আমাৰ সমাজত সংঘটিত হোৱা অনৈতিক কাম-কাজ বাবে প্ৰতি জন ব্যক্তি দায়ী,প্ৰতি জনে সচেতন হব লাগিব। আজি কিয় সমাজত সজাগতা সভা অনুষ্ঠিত কৰিব লগা হৈছে,আমি ধৰ্মক বিশ্বাস নকৰোঁ নেকি? যদি কৰো তেন্তে ইছলাম ধৰ্মত কি আছে?মদ খাব কৈছে নে?যদি কোৱা নাই তেন্তে কিয় এই অনৈতিক কাম-কাজ বোৰত জৰিত হৈছে আমাৰ মানুহ বোৰ? সভাত খনত উপস্থিত থাকি আমছুৰ উপদেষ্টা তথা অধিবক্তা আইনুদ্দিন আহমেদে প্ৰায় এক ঘন্টা সময় সমাজৰ বিভিন্ন সমস্যা দূৰীকৰণ উপায় আৰু সমাজৰ প্ৰতিজন ব্যক্তিৰ কৰনীয় বিষয় সমূহ বহল বাবে আলোচনা কৰে আৰু গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। লগতে মাজবাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উৎপল ডেকা আৰু ওৰাং আৰক্ষী থানাৰ আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ কলিতাই সভাত উদাক্ত ভাষন প্ৰদান কৰি কয় যে আৰক্ষী ৰাইজৰ বিপদৰ সময়ত সহায়ৰ বাবে।

প্ৰতি জন ব্যক্তিয়ে নিৰ্ভয়ে সমাজৰ সমস্যা সমূহ অৱগত কৰিলে হে আমি সহায় কৰিব পাৰিম,সমাজত থকা দুই এজন দোষী ব্যক্তিৰ বাবে আমি সকলোৱে বদনামী হৈছোঁ । গতিকে প্ৰতি জনেই সজাগ হোৱাৰ দৰকাৰ আছে। নিজৰ সন্তান জনক শিক্ষিত কৰক, ভবিষ্যতৰ কথা চিন্তা কৰক,শিক্ষাৰ প্ৰতি গুৰুত্ব দিয়ক আদি বিভিন্ন দিশত ভাষন প্ৰদান কৰে। আজিৰ সভাত সমাজত সংঘটিত অনৈতিক কাম-কাজ নিৰ্মূলৰ উদ্দেশ্যে এখন একচল্লিছ জনীয়া সমিতি গঠন কৰে। এই সজাগতা সভা অনুষ্ঠিত কৰা উদভোক্তা সকলে সভা খন সফল হোৱা বুলি জনায় লগতে সভাখনত পাচঁ শতাধিক স্হানীয় ৰাইজ আৰু ৬৬ নং ধনশিৰি ভিচিডিৰ সভানেত্ৰী হাচিনা বেগম, ধনশিৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মহেন্দ্ৰ বৈষ্ণৱ, ওদালগুৰি জিলাৰ আমছুৰ সম্পাদক মোস্তাফিজুৰ ৰহমান,আব্দুল লতিফ, আব্দুছ ছামাদ আদি কৰি বহুকেইজন স্থানীয় গন্য মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.