Breaking

চিলাপথাৰ নগৰৰ মূল পথত বৃহৎ বৃহৎ গাঁত! নগৰৰ পৰা সংযোগী পথ সমূহৰ অৱস্থা শোচনীয়, যাতায়তত ৰাইজে ভুগিছে যমৰ যাতনা; নিৰ্বিকাৰ জনপ্ৰতিনিধি…

0 18

চৰকাৰক ধেমাজি জিলাৰ ভিতৰতে সৰ্বাধিক ৰাজহ আগবঢ়োৱা চিলাপথাৰ নগৰৰ মাজমজিয়াৰ মূল পথৰ জৰাজীৰ্ণ অৱস্থাই জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। ৫১৫ ৰাষ্ট্ৰীয় ঘাইপথৰ অকাজানৰ পৰা চিলাপথাৰ নগৰ হৈ অৰুণাচল প্ৰদেশৰ লিকাবালি সংযোগী পথছোৱাৰ চিলাপথাৰ নগৰৰ মাজমজিয়াৰ অধিকাংশতে বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে।দীৰ্ঘদিন ধৰি পথছোৱা মেৰামতি নোহোৱাৰ ফলত চিলাপথাৰ নগৰবাসীৰ লগতে ব্যৱসায়ী, গ্ৰাহকৰ মাজত আশুকলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ধেমাজি জিলাৰ ভিতৰতে সৰ্বাধিক ৰাজহ আগবঢ়াই অহা চিলাপথাৰ নগৰৰ মাজমজিয়াৰ যাতায়তৰ শোচনীয় অৱস্থাই স্থানীয় জনপ্ৰতিনিধি আৰু পৌৰসভাৰ অকমৰ্ণ্যতা আৰু চুড়ান্ত অৱহেলাকে সূচাইছে বুলি ভূক্তভোগী ৰাইজে দোষাৰোপ কৰিছে।

আনহাতে চিলাপথাৰ নগৰৰ ৰে’ল গেট, পালপট্টি, মেডিকেল ৰোড, কল্যাণ কেন্দ্ৰ, জোনাই ৰোড আদি অতি ব্যস্ততাপূৰ্ণ এলেকাত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ মাজত পানীত হাঁহ নচৰা অৱস্থাৰ সন্মুখীন হব লগা হৈছে। নগৰৰ মাজমজিয়াৰ পথৰ শোচনীয় অৱস্থাৰ বাবে পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাই দেখা দিছে। আনহাতে চিলাপথাৰ নগৰৰ পৰা পালপট্টি ৰোড,নতুন মিচিং গাওঁ,চিলাগুটুং হৈ চিলাগাঁও সংযোগী পথ,চিলাপথাৰ নগৰৰ কল্যাণ কেন্দ্ৰ তিনিআলিৰ পৰা কাংকান নগৰ, বৰঘূলী,পাদাম গাওঁ হৈ ৫১৫ নং ঘাইপথৰ কঠালগুৰী সংযোগী পথ,চিলাপথাৰ নগৰৰ পৰা জোনাই ৰোড হৈ চিলাগাঁও সংযোগী পথ,চিলাপথাৰ নগৰৰ পৰা মেডিকেল ৰোড হৈ বামগাঁও, নগাঁও, মেচু কছাৰী, ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুকীয়া সংযোগী পথ কেইবাটাও দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰিছে। যাৰফলত শিক্ষাৰ্থী, ৰোগীৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ মাজত যাতায়তৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সৃষ্টি হৈছে।

Leave A Reply

Your email address will not be published.