Breaking

বেকী নৈ’ত বিলীন হল শ শ বিঘা কৃষি ভূমি, সপোনৰ ঘৰ

0 1,705

নামনি অসমৰ অধিকাংশ ঠাইৰ মূল সমস্যা হৈছে গৰাখহনীয়া। নামনি অসমৰ বৰপেটা জিলাৰ মাজেৰে মাজেৰে বৈ যোৱা বেকি নৈৰ গৰাখহনীয়া সমস্যা আজি নতুন নহয়। কিন্তু এই জলন্ত সমস্যাৰ প্ৰতি কান সাৰ নাই কাৰো। বৰপেটা জিলাৰ ৪৩ নং বাঘবৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত চতলা গাওঁ পঞ্চায়তখন সম্পূৰ্ণ ৰূপে নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে। ভূতৰ ওপৰত দানহ পৰা দি বেকী নদীৰ বিধ্বংসী গৰাখহনীয়াৰ ফলত ইতিমধ্যে নিজৰ ঘৰ-বাৰী,ভেটি-মাটি সৰ্বস্ব হেৰুৱাই দিশাহাৰা হৈ পৰিছে বহুকেইটা পৰিয়াল। চতলা গাওঁ পঞ্চায়তত দীর্ঘদিন দিন ধৰি প্ৰবল গৰাখহনীয়া অব্যাহত থকাৰ সময়তে এই অঞ্চলত ইতিমধ্যে প্রায় অৰ্ধ শতাধিক পৰিয়াল নদীৰ খহনীয়াৰ কৱলত পৰাৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠান তথা শতাধিক পৰিয়াল লৈ ভাবুকি কঢ়িয়াই আনিছে।
দীৰ্ঘ দিন ধৰি গৰাখহনীয়াৰ সমস্যাত পৰা দুৰ্ভগীয়া পৰিয়ালৰ খবৰ লবলৈ আহৰি নাই অসম চৰকাৰ, জল-সম্পদ বিভাগ তথা সাংসদ, বিধায়ক আৰু স্হানীয় জনপ্ৰতিনিধি সকলৰ । যাৰ বাবে চৰকাৰ আৰু জিলা প্রশাসনক অতি শীঘ্রেই বিজ্ঞান সন্মত ভাৱে নদীৰ বান্ধ দি গৰাখহনীয়াৰ স্থায়ী সমাধান কৰাৰ দাবী জনায় বৰপেটা জিলা কমিটিৰ অসম সংখ্যালঘু সংগ্রাম পৰিষদৰ উপ- সভাপতি মিজানুৰ ৰহমানৰ লগতে স্হানীয় ৰাইজে। চৰকাৰে ইচ্ছা কৰিলে সকলো কৰিব পাৰে কিন্তু গৰাখহনীয়া ৰোধৰ বাবে বলিষ্ঠ পদক্ষেপ নোলোৱাৰ কাৰণ বিচাৰিছে গহনীয়া গ্ৰস্ত জনতাই। এফালে মহামাৰী কৰোণা, লকডাউন আনফালে গৰাখহনীয়াৰ তাণ্ডৱ।যাৰ বাবে দিশহাৰা হৈ পৰিছে নৈ পৰীয়া গঞা। চৰকাৰে যদি অনতিপলমে গৰাখহনীয়া ৰোধৰ ব্যৱস্থা নকৰে তেনেহঁলে একাংশ পৰিয়ালে আত্মহত্যাৰ বাহিৰে কোনো উপায় নাথাকিব বুলি জানিব দিয়ে। চৰকাৰে ইয়াৰ বিহীত ব্যৱস্থা লবলৈ স্থানীয় ৰাইজে বিনম্ৰ নিবেদন জনাইছে।

Leave A Reply

Your email address will not be published.