ৰহাত বৰপানী নদীৰ  বাঢ়নী পানীত শ শ বিঘাৰ বৰা ধান পানীৰ তলত…

ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত জৰাবাৰী মৌজাৰ বিস্তৃৰ্ণ অঞ্চল কপিলী আৰু বৰপানী নদীৰ বানৰ কৱলত পৰিছে। কপিলী আৰু বৰপানী নদীৰ বানৰ ফলত খতিপথাৰ বুৰাই পেলাইছে আৰু অঞ্চলটোৰ হাজাৰ হাজাৰ বিঘা বৰো ধানৰ খেতি পানীত ডুব গৈছে। কষ্টৰ ফচল চপাবলৈ নাপাওঁতে অহা বানে খেতিয়কৰ সপোন তচনচ কৰি পেলালে। অঞ্চলটো কেউদিশে কেৱল পানী আৰু পানী হৈ পৰাত মৌজাটোৰ কমাৰগাওঁ , আমতলা , প্ৰমিলা আৰু মাগুৰগাওঁ পঞ্চায়তৰ চেঙাজান, জ্বৰডোবা , খাফৰিজাৰণি , চিউগুৰি ,শালমৰা , পুথিমাৰি ১, পুথিমাৰি ২, ১ আৰু ২ নং মিছামাৰী , কৃষ্ণ নগৰ , বৰুনগুৰি , হাতীগড় , গৰুবন্ধা , মৰিসুঁতি , ত্ৰিপুৰাবস্তি আদিৰ শ শ হেক্টৰ বৰোধানৰ খেতি বৰপানী নদীৰ বাঢ়নী পানীৰ তল গৈছে । 

নিশাটোৰ ভিতৰতে পকাধান পানীৰ তল যোৱাত কৃষকৰ হাহাকাৰ লাগিছে ।সেইদৰে মীনপালকসকলৰো বিস্তৰ ক্ষতিসাধন হৈছে। পুখুৰীসমূহো এতিয়া পানীৰ তলত। স্থানীয় লোকসকলে ওখ ভেটিত থকা ঘৰত আশ্ৰয় লোৱা দেখিবলৈ পোৱা গৈছে।

Related Articles