ঢকুৱাখনাত সতিনী বিললৈ সমূহীয়া মৎস্য চিকাৰৰ বাবে ওলাই আহিল শ শ পুৰুষ-মহিলা

অসমীয়াৰ বাপতি সাহোন মাঘবিহুৰ প্ৰথম দিনটোত ঢকুৱাখনা সতিনী বিলত  গোঁসাই বাৰী, দিঘলা চাপৰি, মানিকাচুক, দিঘলা গাওঁ আৰু ২ নং হিলৈদাৰী পাঁচখন গাৱঁৰ ৰাইজে পূৰ্ব পৰম্পৰা অক্ষুণ্ণ ৰাখি সমূহীয়া মৎস্য চিকাৰ কৰিবলৈ জাক জাক পুৰুষ-মহিলাই জাকৈ-জুলুকী লৈ নামিল সতিনী বিলত ৷ বিলত মৎস্য চিকাৰৰ পূৰ্বে পূৰ্ব যি নীতি নিয়ম আছে সেই অনুসৰি গায়ন বায়নেৰে ঘাট মৰা লগতে পূজা অৰ্চনা কৰা পাছতহে গাওঁবাসী বিলত মৎস্য চিকাৰৰ বাবে আনন্দত ফুৰ্তি কৰি বিহু নাম গাই মৎস্য চিকাৰ কৰে ৷

কভিড’১৯ সংক্ৰমণৰ মাজতে পূৰ্বতকৈ ভোগলীৰ উৎসাহ ৰাইজৰ মাজত ম্লান পৰিছে যদিও ইয়াৰ মাজতে অসমীয়াই পালন কৰিছে হেঁপাহৰ ভোগালী বিহুটি। আৰু এনে এটা বিহুৰ দিনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিলত স্থানীয় ৰাইজে মিলি সমূহীয়া মৎস্য চিকাৰ কৰাটো এটা পৰম্পৰা। ৰাজ্যৰ অন্য স্থানৰ দৰে মাঘৰ প্ৰথম দিনটোত পুৱাই ঢকুৱাখনাৰ সতিনী বিলতো সমূহীয়া মৎস্য চিকাৰত নামিল শ শ পুৰুষ মহিলা।ইপিনে ঢকুৱাখনাৰ বৰদৈ পঞ্চায়তৰ অন্তৰ্গত পাতৃচুক, কৰঙা, ফুচকৰা, নাগপুৰ, মৰনৈ, মৰনৈ চাপৰি, বাটচৰা, সৰিয়নি, কাঠগাঁও, বলাহী, কৌপাতনী , সৰিয়নি, আলিমুৰ, অয়েঙীয়া, ৰূপহী, ছাকুলী আদি অঞ্চলৰ পুৰুষ মহিলাই হাতে হাতে এইদৰে জাকৈ, খালৈ, প’ল’, চালনী, আঁঠুৱা লৈ পানীত নামিল আনন্দ মনেৰে। কোনে কিমান ডাঙৰ মাছ পাই তাৰ বাবেও চলিল সকলোৰে মাজত প্ৰতিযোগিতা।

এজনে যদি বৰালি ধৰিছে আন কোনো জনে পাইছে শ’ল, ৰৌ, শিঙি, মাগুৰ, কাৱৈ, পুঠি, খলিহনা, গৰৈ আদি কিমান যে বিধে বিধে মাছ। ইয়াৰ মাজতে কোনোজনে যদি বিহুগীত এফাঁকি আৰম্ভ কৰিলে বাকী সকলে যেন তাত হাত উজান দিলে। মুঠতে এক ভাৱিব নোৱাৰা পৰিৱেশ এইখন  ঐতিহ্যমণ্ডিত সতিনী বিলৰ পাৰত। কাৰণ ইয়াত কোনো সৰু বৰ নাই। ইয়াত সকলো সমান।

কণ কণ শিশুৰ পৰা গাঁৱৰ  কি জীয়ৰী, কি বোৱাৰী পিছপৰি ৰোৱা নাই মহিলা – বৃদ্ধ সকলো ৷ সকলোৱে মিলি আনন্দেৰে মৎস্য চিকাৰ কৰা দেখা গৈছে ৷ বিশেষকৈ ইয়াত কাৰো মাজত কোনো ভেদাভেদ নাই। ইয়াত যে সকলো আহিছে সমজুৱাকৈ মাছ ধৰা পৰম্পৰাৰ ধৰি ৰাখিবলৈহে।

কোনে কিমান মাছ পালে সেয়া ডাঙৰ কথা নহয়, আনন্দ ফুৰ্তি হে ডাঙৰ কথা সকলোৰে মাজত। সেয়ে ইয়াত অতীতৰ পৰা মাঘৰ প্ৰথম দিনটোতেই এইদৰে সমূহীয়াকৈ মাছ মৰাৰ পৰম্পৰা মাজেৰে বৰ্তি আছে মৰম আৰু চেনেহৰ একতাৰ বান্ধোন।

Related Articles