Breaking

দেউধাই-দিনজয়ৰ শতাধিকজনৰ পুৰুষ-মহিলাৰ শ্ৰীশ্ৰী গঢ়পৰা সত্ৰত শৰণ গ্ৰহণ

0 2,123

নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম কাল সংহতিৰ অধীনৰ শ্ৰী শ্ৰী গঢ়পৰা সত্ৰত আজি মহাপুৰুষীয়াৰ পৰম্পৰাগত শৰণ পৰ্ব অনুষ্ঠান সুকলমে সম্পন্ন হৈ যায়। সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জিতানন্দ গোস্বামীৰ  ওচৰত ডিব্ৰুগড় জিলাৰ চাবুৱাৰ দেখুৱাই আৰু দিনজয় পানীএৰা গাঁৱৰ মটক জনগোষ্ঠীৰ শতাধিক গৰাকী পুৰুষ মহিলাই পৰম্পৰা অনুসৰি দণ্ডবৎ প্ৰক্ৰিয়াৰে নিগুণ ভক্তিত নিৰ্মজিত হৈ শৰণ গ্ৰহণ কৰে।

মহাপুৰুষীয়া শৰণৰ নীতি অনুসৰি পুৰুষসকলে মুণ্ডণ কৰি এক মাৰ্কিন বস্ত্ৰ পৰিধানেৰে চাৰিগুছি পাণ কলপাতেৰে মেৰিয়াই নমস্কাৰ আৰ্হিত দুই  হাতে খামুচি ধৰি সত্ৰৰ পুখুৰীত তিনি বুৰ মাৰি শৰণ গ্ৰহণ কৰে । সত্ৰৰ বাকৰিত অগনন ভক্তগণৰ উপস্থিতিত আৰু ডবা শংখৰ লগতে গায়ন-বায়ন ধ্বনিত মুঠতে গঢ়পৰা  সত্ৰ আজি  দ্বিতীয় বৈকুণ্ঠ পুৰীত পৰিণত হয় । 

Leave A Reply

Your email address will not be published.