নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ চৰাঞ্চলত আজি পুনৰ শতাধিক লোক অন্য দলৰ পৰা বিজেপিত আনুষ্ঠানিক ভাৱে যোগদান কৰে। এসপ্তাহ পূৰ্বে মুকালমুৱাত এখন বিশাল যোগদান সভাত বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকা, সাংসদ দিলীপ শইকীয়া আৰু কুইন ওজাৰ উপস্থিতিত প্ৰায় দুই সহস্ৰাধিক লোক বিজেপিত যোগদান কৰাৰ খবৰে জিলা খনত চৰ্চা লাভ কৰিছিল। আজি বিধায়ক নাৰায়ণ ডেকা উপস্থিতিত কুৰিহামাৰী গাঁও পঞ্চায়তৰ ১০০ জন সক্ৰিয় কংগ্ৰেছ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। চৰাঞ্চলৰ ৰাইজৰ দাবী বিধায়ক নাৰায়ণ ডেকাৰ নীতি আদৰ্শ ৰ প্ৰতি আকৃষ্ট তথা কাম কাজৰ প্ৰতি আকৰ্ষিত হৈ আনুষ্ঠানিক ভাৱে বিজেপি দলত ত যোগদান কৰে লোক কেইজনে। ইফালে আজি অসম চৰকাৰৰ লোকনিৰ্মান(পথ)বিভাগৰ বেজিসুঁতি বজাৰত নব নিৰ্মিত পৰিদৰ্শন ভৱনটোৰ শুভ উদ্ধোধন কৰে বিধায়ক গৰাকীয়ে। বিধায়ক গৰাকীয়ে ভৱনটো উদ্ধোধন কৰি কয় যে এই ভৱনটোৰ দ্বাৰা চৰাঞ্চলৰ ৰাইজৰ বহু সুবিধা হব। চৰাঞ্চলত বিধায়ক গৰাকীয়ে অজস্ৰ ৰাস্তাঘাটৰ উপৰিও বিভিন্ন উন্নয়ন মূলক কাম কৰা বুলি কয়। ইফালে চৰাঞ্চলকলৈ অনাগত দিনত বিধায়ক গৰাকীৰ কেবাতাও বিশেষ আঁচনি ৰূপায়ন কৰাৰ পৰিকল্পনাঃ হাতত লোৱা বুলি কয়।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
- Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে
- Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !
- Tirupati temple: তিৰুপতি মন্দিৰৰ লাডুত গো-মাংসৰ চৰ্বি!
- Delhi Chief Minister : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ?
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
- Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
- Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং
- Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়