Breaking

অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে ৰাজপথত উলাই আহিল শ শ ৰাইজ…

0 18

দক্ষিণ বৰপেটাৰ চৰাঞ্চলত বিদ্যুৎ যোগানৰ নামত চৰম ভেকুভাওনা বিদ্যুত বিভাগৰ।শ শ গ্ৰাহকে বিদ্যুত বিভাগ তথা ধুপধৰা উপ সংমণ্ডলৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ। বিদ্যুৎ যোগানৰ নামত বৰপেটাৰ চৰাঞ্চলত চূড়ান্ত ভেকোভাওনাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে।

উৎকট গৰমৰ মাজতো দক্ষিণ বৰপেটাৰ চৰাঞ্চলত অনিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰাক কেন্দ্ৰ কৰি তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে একাংশ গ্ৰাহকে। অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে ৰাজপথত উলাই আহিল শ শ গ্ৰাহকে। দক্ষিণ বৰপেটাৰ কাৰাইখাইতিত একাংশ গ্ৰাহকে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। অভিযোগ অনুসৰি, কাৰাইখাইতি অঞ্চলত দিনটোত মাত্ৰ ৪-৫ ঘন্টা বিদ্যুৎ যোগান ধৰা হয় যদিও নাথাকে ভল্টেজ। সেয়ে অঞ্চলটোৰ অধিকাংশ গ্ৰাহকৰ ঘৰত নুঘুৰে ফেন, নজ্বলে বাল্ব।শীঘ্ৰে অঞ্চলটোত বিদ্যুৎ যোগান নিয়মীয়া কৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰী গ্ৰাহকে।

Leave A Reply

Your email address will not be published.