Breaking

ৰাভা হাছং পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ দাবীত দুধনৈৰ ৰাজপথত ওলাই আহিল শ শ প্ৰতিবাদকাৰী……..

0 63

মানৱ শৃংখলাৰে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ । দীৰ্ঘদিন ধৰি প্ৰতিশ্ৰুতি পালন নকৰা তথা ৰাভা হাছং এলেকাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ অমীমাংসিত সমস্যা সমূহ সমাধানৰ প্ৰতিশ্ৰুতি দি যৌথ সংগ্ৰামৰ সৈতে মিত্ৰতাৰে চৰকাৰ গঠন কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিগত পাঁচটা বছৰ আৰু চলিত চৰকাৰৰ প্ৰায় এটা বছৰত ৰাভা হাছং এলেকাৰ বিভিন্ন সমস্যাৰ লগতে মূলত ৰাভা হাছং পৰিষদখনক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাত ব্যৰ্থ হোৱা বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি নিখিল ৰাভা ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলা সমিতি, নিখিল ৰাভা মহিলা পৰিষদৰ গোৱালপাৰা জিলা সমিতি আৰু ষষ্ঠ অনুসূচী দাবী সমিতিয়ে ২ এপ্ৰিলৰ পৰা আৰম্ভ কৰা প্ৰায় দুমহীয়া আন্দোলনৰ তৃতীয়লানি কাৰ্যসূচী অনুসৰি আজি গোৱালপাৰা জিলাৰ দুধনৈত ৰূপায়ণ কৰা হয় বিশাল মানৱ শৃংখল।

ষষ্ঠ অনুসূচী দাবী সমিতিৰ কাৰ্যালয়ৰ পৰা দিনৰ প্ৰায় চাৰে এঘাৰ বজাত আৰম্ভ হোৱা কাৰ্যসূচীৰ সময়ত সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে। দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, দুধনৈ আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু দুধনৈ আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ মুঠ ৮ টা আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীৰ সময়ত দুধনৈ নদীৰ ওপৰত থকা দলংৰ পৰা দুধনৈ চাৰিআলিলৈকে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দীঘলীয়া শাৰীৰে প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্লোগানেৰে মুখৰিত কৰি তোলে। প্ৰতিবাদকাৰী সকলে ‘আমাক ষষ্ঠ অনুসূচী লাগিবই’, ‘আমাৰ দাবী মানিবই লাগিব’, ‘যৌথ সংগ্ৰাম সমিতি জিন্দাবাদ’, ‘আৰছু লং লিভ,’  ‘ষষ্ঠ অনুসূচী দাবী সমিতি লং লিভ’, ‘ৰাভা বিৰোধী হুচিয়াৰ, ‘ৰাভা ঐক্য জিন্দাবাদ’, ‘ষষ্ঠ অনুসূচী আমাক লাগিবই’ আদি শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে।

উল্লেখযোগ্য যে ৰাভা হাছং পৰিষদখনক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰণৰ বাবে সুদীৰ্ঘ বছৰেও অসম চৰকাৰে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত নিখিল ৰাভা ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলা সমিতি, নিখিল ৰাভা মহিলা পৰিষদৰ গোৱালপাৰা জিলা সমিতি আৰু গোৱালপাৰা জিলা ষষ্ঠ অনুসূচী দাবী সমিতিয়ে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিল। কাৰ্য্যসূচী অনুসৰি ২৬ এপ্ৰিলৰ পৰা ২২ মে লৈকে জিলাখনৰ প্ৰতিটো আঞ্চলিক ভিত্তিত জনসম্পৰ্ক যাত্ৰা, ২৪ মেৰ পৰা ২৬ মেলৈ জয়ৰামকুচিৰ পৰা ধূপধৰালৈকে বাইক ৰেলী উলিওৱা হব।

ইপিনে কাৰ্যসূচীৰ সময়ত গোৱালপাৰা জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি ৰত্নেশ্বৰ ৰাভাই কয় যে চৰকাৰে আমাৰ দাবী মানি নললে ইয়াতকৈ ভয়াবহ জংগী আন্দোলন গঢ়ি তোলা হব। আজি গোৱালপাৰা জিলাৰ শোলমাৰী আৰু ধূপধৰাতো আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

Leave A Reply

Your email address will not be published.