Breaking

ইছলামিয়া বিশ্ববিদ্যালয় বাহাৱালপুৰত ছাত্ৰীৰ ভিডিঅ’ দেখুৱাই শ শ ছাত্ৰীক যৌন শোষণ! ঘটনাৰ নেপথ্যত মন্ত্ৰীৰ পুত্ৰ…

0 130

ইছলামিয়া বিশ্ববিদ্যালয় বাহাৱালপুৰত ছাত্ৰীৰ ভিডিঅ’ দেখুৱাই শ শ ছাত্ৰীক যৌন শোষণ! ঘটনাৰ নেপথ্যত মন্ত্ৰীৰ পুত্ৰ। পাকিস্তানত উচ্চ শিক্ষাৰ ভেটি কঁপাই তোলা এক ঘটনা পোহৰলৈ আহিছে। পাকিস্তান বিশ্ববিদ্যালয়ৰ যৌন কেলেংকাৰীয়ে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইছলামিয়া বিশ্ববিদ্যালয় বাহাৱালপুৰ যৌন কেলেংকাৰীকলৈ এতিয়া সকলোতে চৰ্চা চলিছে। বিশ্ববিদ্যালয় খনৰ ছাত্ৰীসকল ড্ৰাগছৰ কলত পৰা আৰু যৌন নিৰ্যাতনৰ বলি হোৱা দেখুওৱা হাজাৰ হাজাৰ ভিডিঅ’ বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীৰ পৰা উদ্ধাৰ কৰা হৈছে। এই জঘন্য ঘটনাৰ এজন অভিযুক্ত হৈছে পাকিস্তানৰ ফেডাৰেল মন্ত্ৰী চৌধুৰী তাৰিক বছিৰ চিমাৰ পুত্ৰ। ড্ৰাগছৰ সৈতে জড়িত থকা আৰু ইছলামিয়া বিশ্ববিদ্যালয় বাহাৱালপুৰত শ শ ছাত্ৰীক যৌন শোষণ চলোৱাৰ সৈতে মন্ত্ৰী পুত্ৰ জড়িত থকাৰ কথাই সমগ্ৰ দেশ খনতে ক্ষোভ বিয়পাই দিছে। আনকি শীৰ্ষ নিৰাপত্তা বিষয়া মেজৰ ইজাজ শ্বাহো এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। গ্লোবেল ভিলেজ স্পেচৰ এক প্ৰতিবেদনে কেলেংকাৰীটো উন্মোচন কৰিছে। প্ৰতিবেদনৰ মতে মেজৰ ইজাজ শ্বাহৰ গ্ৰেপ্তাৰৰ পিছত তেওঁৰ ওচৰত কেইবাটাও কামোদ্দীপক বড়ি আৰু ড্ৰাগছ উদ্ধাৰ হৈছে। ইয়াৰ উপৰি ছাত্ৰী শিক্ষাৰ্থীৰ বহু আপত্তিজনক ভিডিঅ’ও পোৱা গৈছে। ইপিনে পাক মন্ত্ৰী চিমাই মেজৰ ইজাজ শ্বাহক গ্ৰেপ্তাৰ কৰা আৰু তেওঁৰ পুত্ৰৰ জড়িত হোৱা প্ৰতিহত কৰিবলৈ ভিডিঅ’ আৰু ছবিবোৰ জব্দ কৰাৰ নিৰ্দেশ দিছে।

ইয়াৰ মাজতে মেজৰ ইজাজ শ্বাহৰ স্বীকাৰোক্তিয়ে বহুতকে আচৰিত কৰি তুলিছে। তেওঁ ছাত্ৰীসকলে বন্ধুবৰ্গক আলিঙ্গন কৰা, গছৰ তলত ধূমপান কৰা আদিৰ চিত্ৰগ্ৰহণ কৰিছিল আৰু সেইবোৰ মেলি দিছিল। এই ভিডিঅ’বোৰ শিক্ষাৰ্থীসকলক ব্লেকমেইল কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। তেওঁলোকক ৰাজহুৱা ভাৱে লাঞ্ছিত হোৱাৰ ভাবুকি দিয়া হৈছিল। ভিডিঅ’ দেখুৱাই ছাত্ৰীসকলক যৌন শোষণ কৰা হৈছিল। এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে পাক চৰকাৰে বিশেষ পাঁচ জনীয়া তদন্ত দল গঠন কৰিছে।দলটোক পাকিস্তানৰ বিশ্ববিদ্যালয় যৌন কেলেংকাৰীৰ আঁৰৰ সত্য উন্মোচন কৰাৰ দায়িত্ব দিয়া হৈছে।

Leave A Reply

Your email address will not be published.