Breaking

দীপৰ বিলৰ সমীপত শতাধিক সন্দেহযুক্ত নাগৰিকৰ মাটি কিনি ঘৰ নিৰ্মাণ :মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী

0 12

জালুকবাৰী ,২৯ জুন : জালুকবাৰী সমষ্টিত নতুনকৈ অন্তৰ্ভূক্ত হোৱা গুৱাহাটী ৰাজহ চক্ৰৰ অধীনৰ জালুকবাৰী মৌজাৰ পশ্চিম জালুকবাৰীৰ খানামুখৰ দীপৰ বিলৰ সমীপত শতাধিক সন্দেহযুক্ত নাগৰিকে প্ৰায় ৮০ বিঘাৰো অধিক মাটি ক্ৰয় কৰি সেই মাটিত ঘৰ – দুৱাৰ নিৰ্মাণ কৰি বসতি আৰম্ভ কৰা কাৰ্যই স্থানীয় লোকসকলক শংকিত কৰি তুলিছে। বৃহত্তৰ খনামুখ অঞ্চলৰ লোকসকলে জানিবলৈ দিয়া মতে বাংলাদেশী মূলৰ সন্দেহযুক্ত লোকসকলক মাটি বিক্ৰী কৰা কাৰ্যত বদনৰূপী একাংশ মাটিৰ দালাল জড়িত হৈ আছে। সেই দালাল চক্ৰই ২০১৬ চনৰ পাছৰে পৰা খিলঞ্জীয়া লোকসকলে অঞ্চলটোত পাম হিচাপে সেই অঞ্চলত পৰিচিত স্থানত খেতি- বাতি কৰি চলি থকা সহজ – সৰল লোকসকলক নানান প্ৰলোভন দি প্ৰথমতে বিঘাই বিঘাই মাটি ক্ৰয় কৰে। তাৰ পাছত চকুৰ পচাৰতে স্থানীয় লোকসকলে তৰ্কিব পৰাৰ আগতেই সেই মাটি শতাধিক লোকক বিক্ৰী কৰে। এই সন্দৰ্ভত ২০২২ চনত অঞ্চলটোৰ লোকসকলে স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাক সন্দেহযুক্ত নাগৰিকে দীপৰ বিলৰ সমীপত মিনি বাংলাদেশ, মিনি পাকিস্তান গঢ়ি তোলাৰ বিষয়ে অভিযোগ দিছিল। ৰাইজৰ অভিযোগৰ ভিত্তিত বিধায়ক কলিতাই তৎকালে গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক বিষয়টো তদন্ত কৰাৰ বাবে নিৰ্দেশ দিছিল। কিন্তু সেই নিৰ্দেশ দিয়াৰ কিছুদিন পাছতেই চক্ৰ বিষয়া , লাট মণ্ডল আদি অইন ঠাইলৈ বদলি হৈ যোৱাত সেই তদন্ত ধোঁৱাচাঙত উঠি বৰ্ত্তমান পাহৰণিৰ গৰ্ভলৈ গতি কৰিছে।

ইফালে পৰৱৰ্তী সময়ত জালুকবাৰী সমষ্টিত নতুনকৈ অন্তৰ্ভূক্ত হোৱা খানামুখৰ সন্দেহযুক্ত নাগৰিকৰ বসতি প্ৰধান অঞ্চলটোত যদি বাসিন্দা সকলৰ বিষয়ে যদি উচ্চ পৰ্যায়ৰ তদন্ত কৰি মাটি ক্ৰয় কৰা ধনৰ উৎস , তেঁওলোকৰ নাগৰিকত্ব পৰীক্ষা কৰা নহয় তেন্তে অনাগত দিনত গোজেই গছ হোৱাৰ আশংকা কৰা হৈছে । যাৰ বাবে বিষয়টোৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে সচেতন লোকসকলে। ইফালে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ লোক সকলক বাংলাদেশী মূলৰ লোকৰ আগ্ৰাসনৰ পৰা সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে শেহতীয়াভাবে প্ৰৱৰ্তন কৰা অইন ধৰ্মৰ লোকৰ মাজত মাটি কিনা – বেচা বন্ধ কৰা আইনখন স্থায়ীভাৱে প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও সচেতন লোকসকলে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে।

Leave A Reply