Breaking

চিকিৎসকৰ ন্য়ায়ৰ বাবে মাজবাটত শতাধিক মহিলাৰ প্ৰতিবাদ…

0 10

মাজবাটৰ ৰাজপথত শতাধীক মহিলা ৷কলিকতাত এগৰাকী চিকিৎসক ডা° মৌমিতা দেৱনাথৰ ওপৰত সংঘটিত হোৱা অবৰ্ণনীয়,অমানবীয়,মানৱ সমাজক লজ্জানত কৰা নাৰকীয় ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে দেশজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হোৱাৰ সমন্তৰাল ভাবে সঞ্জীৱনী চি এল এফ মাজবাট ব্লক আৰু মাজবাট উন্নয়ন খণ্ডৰ চাৰি খন ভি চি ডি চিৰ সঞ্জীৱণী চি এল এফৰ কেডাৰ সকলৰ উদ্যোগত মৌমিতাৰ ন্যায় বিচাৰি ৰাজপথলৈ উলাই আহিল শতাধিক মহিলা ৷ৰাজ্য খনত দ্ৰুতগতিত বৃদ্ধি পোৱা ধৰ্ষণ কাণ্ডৰ সমন্তৰাল ভাবে কলিকতাত সংঘটিত ধৰ্ষণ কাণ্ডৰে

জড়িত ব্যক্তিক মমতা চৰকাৰে নোৱাৰিলে কেন্দ্ৰৰ মোডী চৰকাৰে কঠোৰৰ পৰা কথোৰতম দৃষ্টান্ত মূলক শাস্তিৰ দাবীৰে উলিওৱা হয় এই প্ৰতিবাদ ৷ বেটী পঢ়াও ,বেটী বচাও ৷ আজি বেটী সকলে পঢ়িছে ৷ বেটী সকলৰ সুৰক্ষাৰ দায়িত্ব চৰকাৰৰ ৷বেটী সকল আজি অ সুৰক্ষিত ৷এক মাত্ৰ কলিকতাৰ ধৰ্ষণ কাণ্ডই নহয় ৷ইয়াৰ আগতো সংঘটিত হৈছে এনে বহু ঘটনা ৷ মৌমিতাৰ ঘটনাই হওক শেষ ঘটনা ৷ ঘটনাৰে সৈতে জড়িতক এনে শাস্তি দিয়ক যাতে আনে এনে

কাম কৰিবলৈ দহবাৰ ভাবিব লাগে ৷সেই উদ্দেশ্যৰেই মৌমিতাক ন্যায় দিয়ক ,ধৰ্ষণ কাৰীক ফাচী দিয়ক আদি শ্লোগানৰে শতাধিক মহিলাই হাতে হাতে প্লে কাৰ্ড লৈ কপালে মাজবাটৰ ৰাজপথ ৷আজিৰ‌ প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিছিল সঞ্জীৱনী চি এল‌ এফৰ সভানেত্ৰী বন্দনা কলিতা, সম্পাদিকা প্ৰিয়ংকা দৈমাৰী, উষা ৰাণী তপ্ন আদিয়ে।

Leave A Reply

Your email address will not be published.