কামৰূপৰ নগৰবেৰাৰ টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৩ নং টুপামাৰী গাওঁত যৌতুকৰ বাবে এগৰাকী বোৱাৰীক হত্যা কৰাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত টুপামাৰী আৰক্ষী চকীত দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা থানাৰ অন্তৰ্গত কাছুমাৰা এনছি গাওঁৰ ছহিদ আলীৰ জিয়ৰী ছজিৰণ নেচাক টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৩ নং টুপামাৰী গাওঁৰ প্ৰয়াত তৈয়ব আলীৰ পুত্ৰ ইছমাইল হুছেইনৰ লগত প্ৰায় ১৩ বছৰ পূৰ্বে সামাজিক ৰীতি-নীতি মতে বিবাহ হয়। বিয়াৰ পিছৰে পৰাই স্বামী ইছমাইল হুছেইন আৰু তেওঁৰ পৰিয়ালৰ লোকে ছজিৰণ নেচা (২৬) ক যৌতুক বিচাৰি বিভিন্ন প্ৰকাৰে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছে। অভিযোগ অনুসৰি যোৱা ১৯ জানুৱাৰীত পিতৃ গৃহৰ পৰা বিচৰা মতে যৌতুক আনি দিব নোৱাৰাৰ বাবেই স্বামী ইছমাইল হুছেইন আৰু তেওঁৰ দুই ভাই-ককায়েকে মিলি মহিলা গৰাকীৰ দেহত কেৰাচিন ঢালি জুঁই জ্বলাই দিয়ে। পিছে পিতৃ গৃহৰ লোকে খৱৰ পাই সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে মহিলা গৰাকীক জি এম ছি এইচ ল’ই যায় পিছত জীৱন-মৃত্যুৰে যুঁজি সোমবাৰে অগ্নিদাহ্য ছজিৰণ নেছাই অৱশেষত মৃত্যুৰ শীতল কোলাত চিৰদিনলৈ শুই পৰে। নিৰ্যাতিত পৰিয়ালৰ এজাহাৰৰ ভিত্তিত সোমবাৰে সন্ধিয়া যৌতুক লিপ্সা স্বামী ইছমাইল হুছেইনক নগৰবেৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আনহাতে ভোক্তভোগী পৰিয়ালৰ লগতে গাঁওবাসী ৰাইজে দোষীক নজিৰবিহীন শাস্তিৰ দাবীৰে মৃত্যু দেহ সন্মুখত লৈ চেঙাৰ কাছুমাৰাত সাৱস্ত্য কৰে উত্তাল প্ৰতিবাদ। এতিয়া অঞ্চলটোৰ সচেতন ৰাইজৰ মনত প্ৰশ্ন উদ্ৰেক ন্যায় পাব নে ছজিৰণ নেছাই ? সচাঁকে হবনে শাস্তিৰ দিহা, ধনবলেৰে সাৰি যাব আইনৰ সুৰুঙাৰে।