Breaking

“মই বিজেপিত আছো বিজেপিতে থাকিম, আন দলত যোৱাৰ কোনো প্ৰশ্নই নুঠে ! ভুৱা বাতৰি প্ৰকাশ কৰাৰ পৰা বিৰত থাকক”— ৰেওৰেওৱা নাৰ্জিহাৰী…

0 130

“মই বিজেপিত আছো বিজেপিতে থাকিমঃ আন দলত যোৱাৰ কোনো প্ৰশ্নই নুঠেঃ ভুৱা বাতৰি প্ৰকাশ কৰাৰ পৰা বিৰত থাককঃ”— ৰেওৰেওৱা নাৰ্জিহাৰীঃ

মই বিপিএফ দলৰ পৰা পদত্যাগ কৰি তিনিবছৰ পূৰ্বে বিজেপি দলত যোগদান কৰাৰ পাছত বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে আমাৰ দলৰ নীতি- আদৰ্শ মতে কাম কৰি আছো। কোনো কাৰনতেই বিজেপি দলৰ পৰা মই বেলেগ দললৈ নাযাওঁ”। এই কথা আজি সাংবাদিকৰ আগত ষ্পষ্ট কৰি দিয়ে বিটিচিৰ কাৰ্যবাহী সদস্য ৰেওৰেওৱা নাৰ্জিহাৰীয়ে। তেওঁ কয় যে “কিছুদিন ধৰি একাংশ সংবাদ মাধ্যমে মোৰ দল এৰাৰ সম্ভাৱনা আছে বুলি ভুৱা আৰু মনেসজা বাতৰি প্ৰকাশ কৰি আছে। তেওঁলোকে কোন সূত্ৰৰ পৰা এই ভুৱা তথ্য লাভ কৰিছে সেয়া প্ৰকাশ কৰিবলৈ নাৰ্জিহাৰীয়ে আহ্বান জনায়। উল্লেখ্য যে বিটিচিৰ যমদুৱাৰ সমষ্টিৰ পৰা বিগত পৰিষদীয় নিৰ্বাচনত বিপিএফৰ টিকটত নিৰ্বাচিত ৰেওৰেওৱা নাৰ্জিহাৰীয়ে পৰৱৰ্তী সময়ত বিপিএফ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে।

তেঁও এতিয়া মিত্ৰজোঁটৰ বিটিচি চৰকাৰৰ এগৰাকী সন্মানীয় কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইপিনে ২০২৪’ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহা সময়ত দল বাগৰাৰ ৰাজনীতি আৰম্ভ হোৱা সময়ত একাংশ সংবাদ আৰু সামাজিক মাধ্যমত বিটিচিৰ কেইবাগৰাকী কাৰ্যবাহী আৰু পৰিষদীয় সদস্য বিজেপি আৰু ইউপিপিএল দল এৰি বিপিএফ দলত যোগদান কৰাৰ বাতৰি প্ৰকাশ পাইছে। সেই বাতৰিত পৰোক্ষভাৱে ৰেওৰেওৱা নাৰ্জিহাৰীৰ নামটো উল্লেখ কৰাত নাৰ্জিহাৰীয়ে আজি উক্ত বাতৰি দৃঢ়তাৰে খণ্ডন কৰে আৰু এয়া তেওঁৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ বুলি অভিহিত কৰে।

বিপিএফৰ একাংশ নেতাৰ ষড়যন্ত্ৰৰ চিকাৰ হৈ তেওঁ বিপিএফ দল এৰিবলৈ বাধ্য হৈছিল বুলিও আজি সংবাদ মাধ্যমৰ আগত অকপটে প্ৰকাশ কৰে। “ভৱিষ্যতে পুনৰ আৰু বিপিএফ দলত যোগদান কৰাৰ কোনো প্ৰশ্নই নুঠে” বুলি আজি ষ্পষ্ট কৰি দিয়ে। তেওঁ এতিয়া বিজেপি দলৰ এগৰাকী একনিষ্ঠ কৰ্মী হিচাপে কাম কৰি যথেষ্ট আত্মতুষ্টি লাভ কৰাৰ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী,অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ আদৰ্শত অনুপ্ৰাণিত হৈ তেওঁ ৰাইজৰ কাম কৰি আছে ভৱিষ্যতেও কৰি যাব বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

আজিজুল হক

গোসাইগাঁও

Leave A Reply

Your email address will not be published.