যাৰ হাতত কোনো কাম নাথাকে তাৰ চিন্তাধাৰা সদায় দুষ্ট চক্ৰান্তৰ আৰু বেলেগৰ কথা সমালোচনা কৰি ভাল পাই।মই দুটা পদ খামুচমাৰী সুবিধা গ্ৰহণ কৰা নাই উৰ্ধ্বতম কতৃপক্ষই যিদিনাই মোক এটা পদ খালি কৰিবলৈ ক’ব সিদিনাই মই নিশ্চিতৰূপে এটা পদ খালি কৰিম।প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী বৰ্তমান ক্ষমতাহীন হৈ পৰাৰ বাবে গবিন্দ বসুমতাৰীৰ কামত চকু পুৰণি উঠিছে তাৰবাবে এনেদৰে মোক সমালোচনা কৰিছে টংলাত গবিন্দ বসুমতাৰীৰ মন্তব্য এয়া। উল্লেখ্য যে ওদালগুৰি জিলাৰ ওদালগুৰি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক লগতে মন্ত্ৰী ৰিহন দৈমাৰীয়ে ওদালগুৰি বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা বিটিআৰ উপমুখ্য কাৰ্যবাহী সদস্য গবিন্দ চন্দ্ৰ বসুমতাৰীয়ে দুটাকৈ পদ MLA আৰু MCLA খামুচমাৰী নিজৰ সুবিধা সমূহ আদায় কৰাৰ বাবে ওদালগুৰি সমষ্টিবাসীৰ উন্নয়ন সাধন কৰিব পৰা নাই বুলি প্ৰাক্তন বিধায় গৰাকীয়ে গুৰুতৰভাৱে অভিযোগ উত্থাপন কৰিছিল।
যাৰ পৰিপেক্ষিতত আজি উপমুখ্য কাৰ্যবাহী সদস্য তথা বৰ্তমানৰ ওদালগুৰি সমষ্টিৰ বিধায়ক বসুমতাৰীয়ে আজি সোমবাৰ দিনা ওদালগুৰি জিলা টংলা চহৰত ইউপিপিএল টি চেলৰ কেন্দ্ৰীয় কাৰ্যালয় উদ্ধোধনী কাৰ্যসূচী সম্পন্ন কৰি সাংবাদিকৰ আগত গবিন্দ চন্দ্ৰ বসুমতাৰীয়ে এনে মন্তব্য কৰে। আৰু লগতে কয় যে ষষ্ঠ অনুসূচিত এলেকাত দুটাকৈ পদত থাকি কাৰ্যভাৰ চলাই নিব পাৰে যদিও মই বৰ্তমান এটা পদৰ হে সুবিধা গ্ৰহণ কৰি আছো দুটা পদত খামুচমাৰী সুবিধা সমূহ আদায় লোৱা নাই। কিয়নো যিদিনাৰ পৰা ৰাইজৰ সহযোগত মই বিধায়ক হিচাপে নিৰ্বাচিত হৈছো সিদিনাৰ পৰা মই বিটিচি MCLA পদৰ সুবিধাখিনি মই গ্ৰহণ নকৰো বুলি বিটিচি কাৰ্যালয়ত লিখিত আকাৰে ত্যাগ কৰিছো। মাথোঁ উৰ্ধ্বতম কতৃপক্ষৰ কোনো নিৰ্দেশনা নোপোৱাৰ বাবে বৰ্তমান অবৈতনিকভাৱে MCLA পদৰ কামখিনি চলাই নিছো বুলি গবিন্দ চন্দ্ৰ বসুমতাৰীয়ে প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীক প্ৰতুত্তৰ দিয়ে।