Breaking

বিশ বছৰত নোহোৱা কাম ডেৰ বছৰত কৰি দেখুৱামঃ বিজেপিৰ ৰাজ্যিক সম্পাদক পল্লৱ লোচন দাস…

0 13

বিগত বিশবছৰে বিহমাৰীৰ মধুপুৰ, ঠাণ্ডা পানী ইৎতিবস্থী আদিৰ ৰাস্তা পদুলিৰ উন্নয়ন নহল। বিহমাৰীৰ কাৰ্বি চেণ্টাৰ,ইৎতি বস্তী,বিহমাৰী পাচালি, মধুপুৰ আদিত বিজেপি দলৰ সভাত অঞ্চলটোৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰে। অঞ্চলটোৰ ৰাস্তা পদুলিৰ উন্নয়ন হোৱা নাই।পঞ্চায়তৰ কাম কাজতো অসন্তুষ্ট অঞ্চলবাসী এতিয়াও বহু লোকে লাভ কৰা নাই অৰুণোদয় আচনি, বৃদ্ধ পেঞ্চন আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ।

প্ৰাক্তন বিধায়ক, মন্ত্ৰী তথা প্ৰাক্তন সাংসদ পল্লব লোচন দাসৰ উপস্থিতিত এই এই অভিযোগ কৰে। প্ৰাক্তন সাংসদ পল্লব লোচন দাসে দিনজোৰা কাৰ্যসূচীৰে বৃহস্পতিবাৰে বিহমাৰীৰ বিভিন্ন প্ৰান্তত জনসভাত অৎশগ্ৰহণ কৰে। তেওঁ আগন্তুক উপ নিৰ্বাচনত দলে টিকট দিলে প্ৰতিদন্দীতা কৰিবলৈ সাজু বুলি উল্লেখ কৰি বিহমাৰীৰ সমস্যা সমুহ মুখ্য মন্ত্ৰীৰ অৱগত কৰি অহা ডেৰ বছৰৰ ভিতৰত সমাধান কৰিবলৈ প্ৰচেষ্টা কৰিম বুলি উল্লেখ কৰে।আজিৰ সভাত বিহালী মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি উৎপল বৰা,নিজ বিহালী জিলা পৰিষদৰ প্ৰাক্তন সদস্য লক্ষণ ৰয়, সমাজ কৰ্মী জীৱন বৰা,মফিল হাজৰিকা, নীতা আগৰৱালা, ৰূপটি দাস, প্ৰাণেচ বনীয়া সহ শতাধিক বিজেপি দলৰ কৰ্মী উপস্থিত আছিল।

Leave A Reply