Breaking

IAF Fighter Plane Crashes: ৰাজস্থানৰ বৰমেৰত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত

28

সোমবাৰে নিশা ৰাজস্থানৰ বৰমেৰ জিলাত ভাৰতীয় বায়ুসেনাৰ এখন যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়(IAF Fighter Plane Crashes)।

বৰমেৰ (ৰাজস্থান), ৩ ছেপ্টেম্বৰ: ভাৰতীয় বায়ুসেনাৰ এখন মিগ-২৯ যুঁজাৰু বিমান ৰুটিন নাইট প্ৰশিক্ষণ মিছনৰ সময়ত এক “জটিল কাৰিকৰী ক্ৰুটি”ৰ সন্মুখীন হোৱাৰ ফলত ৰাজস্থানৰ বৰমেৰ জিলাত দুৰ্ঘটনাগ্ৰস্ত হয়(IAF Fighter Plane Crashes) । অৱশ্যে দুৰ্ঘটনাত পতিত হোৱা যুঁজাৰু বিমানখনত থকা পাইলটগৰাকীয়ে নিৰাপদে ওলাই আহিবলৈ সক্ষম হোৱা বুলি বায়ুসেনা কৰ্তৃপক্ষই জানিবলৈ দিছে(Indian Air Force) ।

বৰমেৰৰ জিলা আয়ুক্ত নিশান্ত জৈনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, সোমবাৰে নিশা যুদ্ধ বিমানখন আৱাসিক অঞ্চলৰ পৰা কিছু আঁতৰত দুৰ্ঘটনাগ্ৰস্ত হৈছে যদিও দুৰ্ঘটনাটোত কোনো লোকৰ প্ৰাণহানি অথবা সা-সম্পত্তিৰ ক্ষতি হোৱা নাই(Barmer district of Rajasthan)।

দুৰ্ঘটনাগ্ৰস্ত যুঁজাৰু বিমানখনত থকা পাইলটগৰাকীক উদ্ধাৰৰ মুহূৰ্তৰ আলোকচিত্ৰ

ইফালে এই দুৰ্ঘটনাটোৰ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া হৈছে বুলি বায়ুসেনা কৰ্তৃপক্ষই X হেণ্ডেলত এটা পোষ্টৰ জড়িয়তে জনাইছে(Indian Air Force Tweet) ।

“বৰমেৰ ছেক্টৰত এক ৰুটিন নাইট ট্ৰেইনিং মিছনৰ সময়ত আই এ এফৰ মিগ-২৯ যুঁজাৰু বিমান এখন এক জটিল প্ৰযুক্তিগত ত্ৰুটিৰ সন্মুখীন হৈ দুৰ্ঘটনাত পতিত হয় । অৱশ্যে বিমানখনৰ পাইলগৰাকীয়ে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় । পাইলটগৰাকী বৰ্তমান নিৰাপদে থকাৰ লগতে কোনো ধৰণৰ জীৱন বা সম্পত্তিৰ ক্ষতিৰ খবৰ পোৱা নাই। ইতিমধ্যে এই দুৰ্ঘটনাটোক লৈ তদন্তৰ নিৰ্দেশ দিয়া হৈছে, ” আই এ এফে এক্সৰ এটা পোষ্টত এইদৰে উল্লেখ কৰিছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ১২ মাৰ্চত ভাৰতীয় বায়ুসেনাৰ আন এখন লাইট কম্বেট এয়াৰক্ৰাফ্ট (Light Combat Aircraft) তেজছ ৰাজস্থানৰ জয়ছালমেৰৰ সমীপত এক অপাৰেচনেল ট্ৰেইনিঙৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈছিল । এই প্ৰসংগত ভাৰতীয় বায়ুসেনাৰ তৰফৰ পৰা এক বিবৃতিত উল্লেখ কৰা হৈছিল যে, যুঁজাৰু বিমানখনৰ পাইলটগৰাকীয়ে নিৰাপদে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হৈছিল । লগতে দুৰ্ঘটনাটোৰ কাৰণ নিৰ্ণয়ৰ বাবে এক তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

লগতে পঢ়ক: J-K Police recovers 3 pistols: জম্মু আৰু কাশ্মীৰৰ ছাম্বাত সন্দেহযুক্ত পেকেটত উদ্ধাৰ ৩টা পিষ্টল

Comments are closed.