Breaking

কৰিশ্মাৰ মাতৃ ববিতাই চৰ্ত নৰখা হ’লে আজি অভিষেক বচ্চনৰ পত্নী হ’লহেঁতেন কৰিশ্মা কাপুৰ…

0 96

কৰিশ্মা কাপুৰৰ মাতৃয়ে বচ্চন পৰিয়ালৰ সন্মুখত কিছু চৰ্ত ৰাখিছিল। ইয়াৰে এটা চৰ্ত আছিল যে বচ্চন পৰিয়ালে বিয়াৰ আগতে অভিষেক বচ্চনৰ হাতত কিছু সম্পত্তি হস্তান্তৰ কৰিব লাগিব। আচলতে অমিতাভ বচ্চনৰ ৬০ সংখ্যক জন্মদিন উপলক্ষে তেওঁলোকৰ বাগ্দান হৈছিল। কাপুৰ পৰিয়াল আৰু বচ্চন পৰিয়ালৰ মাজত আলোচনা চলিছিল। কিন্তু তাৰ মাজতে আহিল এক ডাঙৰ খবৰ। কেৱল চলচ্চিত্ৰ জগতৰ মানুহেই নহয় এই দুই তাৰকাৰ অনুৰাগীসকলেও অপেক্ষা কৰিছিল তেওঁলোক কেতিয়া একত্ৰিত হ’ব। কিন্তু সুখৰ মাজতে অভিষেক বচ্চন আৰু কৰিশ্মাৰ বিয়া ভাঙিল বুলি আহিল এক খবৰ। আজি আমি আপোনালোকক এই বিবাহ ভঙাৰ কাৰণৰ বিষয়ে কম।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি কৰিশ্মা কাপুৰৰ মাতৃয়ে বচ্চন পৰিয়ালৰ সন্মুখত কিছু চৰ্ত ৰাখিছিল। ইয়াৰে এটা চৰ্ত আছিল যে বচ্চন পৰিয়ালে বিয়াৰ আগতে অভিষেক বচ্চনৰ নামত কিছু সম্পত্তি হস্তান্তৰ কৰিব লাগে। কোৱা হয় যে ববিতাৰ এই প্ৰস্তাৱ বচ্চন পৰিয়ালে আপত্তি কৰিছিল। কোৱা হয় যে এইটো এটা সম্ভাৱ্য কাৰণ আছিল যাৰ বাবে বচ্চন আৰু কাপুৰ পৰিয়ালৰ সম্পৰ্কত বিভাজন ঘটিছিল। খবৰ অনুসৰি অভিষেক আৰু কৰিশ্মাৰ বিবাহৰ পূৰ্বে জয়া বচ্চনেও এটা চৰ্ত ৰাখিছিল। জয়াৰ চৰ্ত আছিল যে কৰিশ্মাই বিয়াৰ পিছত ছবিত কাম কৰিব নোৱাৰিব।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই চৰ্ত কৰিশ্মাৰ বাবে গ্ৰহণযোগ্য নাছিল আৰু পিছলৈ এইবোৰ কাৰণত অভিষেক বচ্চন আৰু কৰিশ্মা কাপুৰে বিবাহপাশত আবদ্ধ হ’ব নোৱাৰিলে। কিন্তু পিছলৈ কৰিশ্মাৰ ব্যৱসায়ী সঞ্জয় কাপুৰৰ লগত বিবাহপাশত আবদ্ধ হয় যদিও দুয়োৰে বিবাহ বিচ্ছেদ হয়। একে সময়তে অভিষেক বচ্চনৰ বিবাহ হৈছিল ঐশ্বৰ্য ৰায়ৰ সৈতে। বৰ্তমান ঐশ্বৰ্য ৰ সৈতে সুখৰ সংসাৰ কৰি আছে অবিষেক বচ্চনে।

Leave A Reply

Your email address will not be published.