বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষতে তোলপাৰ লাগিছে শিক্ষা ব্যৱস্থা আৰু পৰীক্ষা ব্যৱস্থাক লৈ। শিক্ষা ব্যৱস্থাতো যে ইমান কেলেংকাৰি হ’ব পাৰে ভাবিলেই আচৰিত হ’ব লাগে। চৰকাৰৰ বিভিন্ন কেলেংকাৰিৰ খবৰেৰে এতিয়াতো বাতৰি কাকতৰ পৃষ্ঠা নিতৌ ভৰিয়েই থাকে। ইয়াৰ পিছতো আকৌ পৰীক্ষা কেলেংকাৰি, শিক্ষাৰ বিভিন্ন এপক লৈ নানা বিসংগতি-কেলেংকাৰি। আঁচলতে হৈছে কি ? কোন দিশে ধাৱমান আমাৰ শিক্ষা ব্যৱস্থা। শিক্ষা ব্যৱস্থাত বাৰু পণ্য হৈ পৰিল নেকি আমাৰ দেশৰ শিক্ষাৰ্থীসকল। যিখন দেশত সকলোতে কেৱল দুৰ্নীতি-কেলেংকাৰিয়ে ভৰি পৰিছে, সেইখন দেশত শৈক্ষিক ক্ষেত্ৰখনত দুৰ্নীতি নাই বুলি কোৱা নাইবা শুনাটোহে আচৰিত হ’বলগীয়া হৈছে বৰ্তমান সময়ত। যিটো সময়ত শিক্ষাৰ পুৰণি পদ্ধতি সলনি কৰি নতুন পদ্ধতিৰে বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতৰ উত্তৰাধিকাৰী সজাব বিচৰা হৈছে, সেইটোত সময়তে জীৱনৰ উত্তৰণৰ দিশে ধাৱমান হ’বলৈ যিটো পৰীক্ষাতে ছাত্ৰ-ছাত্ৰীসকল অৱতীৰ্ণ হৈছে সেইটো পৰীক্ষাতে হতাশ হ’বলগীয়া হৈছে কেৱল বিসংগতি, খেলিমেলি আৰু দুৰ্নীতিৰ গ্ৰাসত পৰি। এই ছাত্ৰ-ছাত্ৰীসকলক লৈ হেতালি খেলাৰ অধিকাৰ শিক্ষা বিভাগটোৱে ক’ত পালে ? ছাত্ৰ-ছাত্ৰীসকলৰ যি ক্ষতি হয় কৰ্তৃপক্ষৰ ভুলৰ বাবে ইয়াৰ ফল ভোগ কৰিবলগীয়া হয় কেৱল শিক্ষাৰ্থীসকলে। ইয়াৰ লগে লগে সমানে দুঃচিন্তাত পৰিব লগা হয় অভিভাৱকসকল। এই ভেঁকো-ভাওনাৰ শেষ কেতিয়া। বোধগম্য হ’বনে আমাৰ শিক্ষা বিভাগৰ বৰমূৰীয়া স্বৰ্গদেউ তথা ডা-ডাঙৰীয়াসকলৰ। তেওঁলোকৰ এই পুতৌ লগা অৱস্থাটোৰ বাবে আমি তেৰাসৱক কি বুলি বিভূষিত কৰিলে সঁচা অৰ্থত শুৱাব ভাবিয়েই পোৱা নাই। হায় শিক্ষা বিভাগ। মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক স্কুটী, বিনামূলীয়া নামভৰ্তি আদিতেই সকলো শেষ নেকি ? তাৰ পিছত আৰু একোৱেই নাইনে কৰণীয় শিক্ষা বিভাগৰ।
হাইস্কুল শিক্ষান্ত পৰীক্ষাই হওক বা উচ্চতৰ মাধ্যমিক বিদালয়ৰ পৰীক্ষাতে হওক সকলোতে কেৱল কেলেংকাৰিৰ খবৰ। প্ৰশ্নকাকত ফাদিল হোৱাতো যেন এনে পৰীক্ষাবোৰত এক নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে। এটা পৰীক্ষা বিয়াগোম শিক্ষা বিভাগটোৱে আজিলৈ নিয়াৰিকৈ বা নিখুঁতভাৱে পাতিব পৰা নাই। কেতিয়াবা প্ৰশ্নকাকত আগতীয়াকৈয়ে ওলাই গৈ একাংশ ছাত্ৰ-ছাত্ৰীৰ হাতত পৰিছ। যাৰ ফলত মেধাৱী শিক্ষাৰ্থীসকলে ইমান কষ্ট কৰি পঢ়ি পৰীক্ষাত বহাৰ অৰ্থইবা কি থাকিব। যিয়ে মেধা ছাত্ৰ-ছাত্ৰীসকল মানসিকভাৱে ভাগি পৰে। তেওঁলোকৰ উৎসাহত যতি পৰে। এতিয়া যেন শিক্ষাক এক ব্যৱসায়লৈ ৰূপান্তৰ কৰিব বিচৰাহে হৈছে। বৰ্তমানৰ শিক্ষা ব্যৱস্থাই যেন পাহৰাই পেলাইছে শিক্ষাৰ সৈতে মূলতে জড়িত হৈ থাকে শিক্ষাৰ্থী আৰু তেওঁলোকৰ ভৱিষ্যৎ।
ইয়াৰ উপৰি শিক্ষক নিযুক্তি, টিউটৰ, টে’ট আদি নানানটা ভাগত শিক্ষকক ভাগ ভাগ কৰা, শিক্ষা সেতু এপ আদিত দেখা দিয়া বিসংগতি আদিৰ সমস্যাতো আছেই। এনেবোৰ সমস্যাৰ মাজত আজি সমগ্ৰ শিক্ষক সমাজ। তাৰ মাজতে পৰীক্ষা কেলেংকাৰিয়ে জলা-কলা খুৱাইছে শিক্ষাৰ্থী-অভিভাৱকক। পৰিস্থিতি এনে পৰ্যায় পাইছে যে এতিয়া শিক্ষাৰ্থীসকলক যেন গ্ৰাহকত পৰিণত কৰিছে। ছাত্ৰক গ্ৰাহকত পৰিণত কৰিলে সমস্যাই জটিল ৰূপ ধৰে। চক্ৰেটিছে কেতিয়াবাই বুজি পাইছিল এই কথা আৰু সেয়ে তেওঁ কৈছিল- শিক্ষক আৰু ছাত্ৰৰ সৈতে ব্যৱসায়ৰ দৰে সম্পৰ্ক কৰিলে জ্ঞানৰ ব্যৱসায়ীৰহে সৃষ্টি হয়। সেয়ে শিক্ষাক উৎপাদনৰ কাৰখানা হিচাপে যদি ভাবি লোৱা হয় তেনেহ’লে শিক্ষাত এনেবোৰ নানা বিসংগতি থাকিবই। ইয়াক কেতিয়াও দূৰ কৰিব পৰা নাযাব।এইবাৰ সমগ্ৰ দেশখনকে জোকাৰি গৈছে নীট-নেটৰ পৰীক্ষাত কেলেংকাৰি। নীট (ৰাষ্ট্ৰীয় যোগ্যতা প্ৰৱেশ পৰীক্ষা) সমগ্ৰ দেশতে স্নাতক আৰু স্নাতকোত্তৰ সিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা। কিন্তু এই সৰ্বভাৰতীয় পৰীক্ষাতেই হ’ল বৃহৎ কেলেংকাৰি। ফলত এতিয়া দেশজুৰি হুলস্থূল। নীট-ইউ জিৰ ফলাফল ওলোৱাৰ পিছতে এই পৰীক্ষা পৰিচালনা আৰু ফলাফলৰ সৈতে বহু কেলেংকাৰি বাতৰি প্ৰচাৰ হোৱাৰ উপৰি প্ৰশ্নকাকত আগতীয়াকৈ ফাদিল হোৱাৰ বিভিন্ন তথ্য পোৱাৰ পিছতে পৰীক্ষা ফলাফল স্থগিত ৰখাৰ লগতে পুনৰ পৰীক্ষা পতাৰ দাবী উঠিল। বিমোৰত পৰিল মেধাসম্পন্ন শিক্ষাৰ্থীসকল। আচৰিত কথা যে উক্ত পৰীক্ষাৰ ফলাফল ১৪ জুনত ঘোষণাৰ দিন আছিল যদিও হঠাৎ ৪ জুনত যিটো দিনত ভাৰতৰ অষ্টাদশ লোকসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিন আছিল আৰু তাকে লৈ সমগ্ৰ দেশ ব্যস্ত আছিল। সেই দিনটোতে নীটৰ ফলাফল ঘোষণা কৰা হ’ল। কিন্তু দেখা গ’ল এইবাৰ ফলাফলত একাংশ ছাত্ৰ-ছাত্ৰীয়ে নীটৰ মুঠ নম্বৰ ৭২০ৰ ভিতৰত ৭২০ নম্বৰ লাভ কৰি প্ৰথম স্থান পাবলৈ সক্ষম হৈছিল। ইয়াৰ পৰাই সন্দেহৰ সূত্ৰপাত। এই প্ৰথম স্থান লাভ কৰা শিক্ষাৰ্থীসকলৰ অধিকাংশই একেটা পৰীক্ষা কেন্দ্ৰতে পৰীক্ষা দিয়া কথাতোও ইতিমধ্যে প্ৰমাণ হৈছে। আনহাতে, উচ্চতম ন্যায়ালয়েও এইক্ষেত্ৰত কৈছে- পৰীক্ষাৰ পৱিত্ৰতা প্ৰভাৱিত হৈছে।
এতিয়া কথা হ’ল- যদি এনেদৰে প্ৰশ্নকাকত পৰীক্ষাৰ পূৰ্বেই আহি একাংশ ছাত্ৰ-ছাত্ৰীৰ হাতত পৰে তেনেহ’লে তাতে আকৌ নীট পৰীক্ষাৰ দৰে এটা গুৰুত্বপূৰ্ণ পৰীক্ষাত। আমি সততে যিসকলক ভগৱান বুলি ভাবো সেইসকলেই হ’ল চিকিৎসক বা ডাক্তৰ। আৰু এই বিশ্বাসক আধাৰ কৰিয়েই আমি বিনা বাধাই বেমাৰ নিৰাময়ৰ বাবে কাষ চাপো ভগৱানসদৃশ ডাক্তৰৰ। গতিকে ডাক্তৰসকল মেধাসম্পন্ন হ’বই লাগিব। ইয়াত কোনো সন্দেহ নাই। কিন্তু সেই মেধাৰ ওপৰতো খেলা কৰি একাংশই দুৰ্নীতি কৰি যদি ডাক্তৰ হ’বলৈ যায় তেনে দেশখনত চিকিৎসা পদ্ধতিয়ে কেনে ৰূপ ল’ব পাৰে সেয়া ভাবিলে হতাশ হ’বলগীয়া হয়। একাংশৰ ধন আছে বুলিয়েই বা প্ৰতিপত্তি আছে বুলিয়েই যদি বক্ৰ পথেৰে গৈ ডাক্তৰ হ’বলৈ হয় তেনে নিম্ন, নিম্ন-মধ্যবিত্ত ছাত্ৰ-ছাত্ৰীসকলে কি কৰিব। তেওঁলোক আজি হতাশ হৈ পৰিছে । কাৰণ ইমান কষ্ট কৰিও যদি পৰীক্ষা দি তেওঁলোক নিৰ্বাচিত নহয় কোনোবাই এনেয়ে থাকি ফাদিল হোৱা প্ৰশ্নকাকতেৰে পৰীক্ষা দি পাছ কৰি ডাক্তৰ হ’ব। কি এক দিশলৈ গতি কৰিছে আমাৰ শিক্ষা বিভাগ ভাবিলেই শংকা ওপজে। দেশৰ বৰমূৰীয়াসকলে দেশক বিশ্বগুৰুৰ আসনত বহুৱাম বুলি কৈ থাকিলেই দেশ বিশ্বগুৰু হ’ব পাৰিবনে। আন বিভাগবোৰৰ কথা বাদেই দিলো, খোদ শিক্ষা বিভাগতে যদি এনেদৰে ঘূণে ধৰে তেনে ভাৰতবৰ্ষ বিশ্বগুৰু হ’ব কথাষাৰ শ্ল’গানতে যে আবদ্ধ থাকিব সেইটো এশ শতাংশই নিশ্চিত। এই পৰীক্ষা ব্যৱস্থাটোৰ প্ৰতিয়েই দেশবাসীৰ আস্থা হেৰাই গৈছে। আনহাতে, মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলো হতাশ হৈ পৰিছে। লগে লগে শংকিত হৈ পৰিছে অভিভাৱকসকলো এই কথা ভাবি- যে এইখন দেশত মেধাৰ সমীকৰণ আৰু সমতা স্থাপনৰ নামত কেৱল অবাধ অন্যায় আৰু বৈষম্যৰহে সৃষ্টি হৈছে। যদি শিক্ষা ব্যৱস্থাতে ঘূণে ধৰে তেনে দেশ কোঙা হ’বই ই নিশ্চিত।
লেখকঃ ভূপেন মহন্ত