Breaking

শৰীৰত এন্টিঅক্সিডেন্টৰ অভাৱ হ’লে এই সমূহ শাক-পাচলি খাব…

0 32

নিৰামিষ খাদ্যত এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে পোৱা যায়। আপোনাৰ শৰীৰত থকা এন্টিঅক্সিডেন্টৰ অভাৱ কোনবোৰ খাদ্যই পূৰণ কৰিব পাৰে জানেনে। এন্টিঅক্সিডেন্ট আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। এইবোৰে আমাৰ কোষ আৰু কলাবোৰক সুৰক্ষা দিয়ে আৰু বহুতো ভয়াৱহ ৰোগ প্ৰতিৰোধ কৰে। ইয়াৰ উপৰিও এন্টিঅক্সিডেন্টে চৰ্বি, কাৰ্বহাইড্ৰেট আৰু প্ৰটিনৰ দৰে গুৰুত্বপূৰ্ণ পদাৰ্থবোৰকো অৱক্ষয়ৰ পৰা ৰক্ষা কৰে। এন্টিঅক্সিডেন্ট সমৃদ্ধ খাদ্য খালে কেন্সাৰ, চেনি আৰু হৃদৰোগৰ পৰা হাত সাৰিব পাৰি। গতিকে এন্টিঅক্সিডেন্ট খাদ্য খোৱাটো অতি প্ৰয়োজনীয়।

ষ্ট্ৰবেৰীত এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে পোৱা যায়। এই এন্টিঅক্সিডেন্টবোৰে আমাৰ শৰীৰৰ কোষবোৰক সুৰক্ষা দিয়ে আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ষ্ট্ৰবেৰীত দুটা প্ৰধান এন্টিঅক্সিডেন্ট পোৱা যায় – ফ্লেভন’ইড আৰু এন্থ’চাইনিন। ফ্লেভন’ইডে কোষক ক্ষতিৰ পৰা ৰক্ষা কৰে আৰু শৰীৰত উপস্থিত ফ্ৰী ৰেডিকেল ৰোধ কৰে। এন্থ’চাইনিনে ফ্ৰী ৰেডিকেলৰ কাৰ্য্যকলাপো হ্ৰাস কৰে আৰু ই কেন্সাৰৰ বিৰুদ্ধে যুঁজ দিয়াতো সহায় কৰে। সেয়ে ষ্ট্ৰবেৰী খালে শৰীৰত থকা এন্টিঅক্সিডেন্ট বাঢ়ি যায় আৰু বহু ৰোগৰ পৰা আমাক ৰক্ষা কৰে।

পালেং শাকত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট পোৱা যায় যিবোৰ আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। পালেং শাকত কেৰটিনয়ড, ভিটামিন চি আৰু ভিটামিন ই নামৰ এন্টিঅক্সিডেন্ট থাকে। কেৰটিনয়ড নামৰ এন্টিঅক্সিডেন্টবোৰে আমাৰ কোষক ক্ষতিৰ পৰা ৰক্ষা কৰে। ভিটামিন চি আৰু ভিটামিন ইয়ে ফ্ৰী ৰেডিকেলৰ সক্ৰিয়তা হ্ৰাস কৰি আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

ব্ৰকলিত গ্লুক’ৰাফেনিন নামৰ এক বিশেষ ধৰণৰ এন্টিঅক্সিডেন্ট থাকে। ই কেন্সাৰৰ দৰে ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। গ্লুক’ৰাফেনিন নামৰ এটি অক্সিডেণ্টে কেন্সাৰৰ দৰে ৰোগ সৃষ্টি কৰা ফ্ৰী ৰেডিকেলক প্ৰতিৰোধ কৰে। লগতে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে যাতে আমাৰ শৰীৰে ৰোগৰ বিৰুদ্ধে যুঁজিব পাৰে। সেয়ে ব্ৰকলি খালে শৰীৰৰ এন্টিঅক্সিডেন্ট বৃদ্ধি পায় আৰু বহু ৰোগ বিশেষকৈ কেন্সাৰৰ পৰা আমাক ৰক্ষা কৰে। ইয়াৰ লগতে আপুনি খাদ্য তালিকাত বিলাহী, আঙুৰ, আখৰোট আদি অন্তৰ্ভুক্ত কৰিব পাৰে।


Leave A Reply

Your email address will not be published.