IIFA 2024 winners list : শ্বাহৰুখ খান আৰু ৰাণী মুখাৰ্জীলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান

আবুধাবি, 29 ছেপ্টেম্বৰ: ইণ্টাৰনেচনেল ইণ্ডিয়ান ফিল্ম একাডেমি (IIFA 2024) বঁটাৰ কাৰ্যসূচীৰ দ্বিতীয় দিনটো আছিল তাৰকাৰে ভৰা এক জাকজমকতাপূৰ্ণ অনুষ্ঠান । আবুধাবিত আয়োজিত এই অনুষ্ঠানত বলীউডৰ জনপ্ৰিয় তাৰকাসকল উপস্থিত আছিল(IIFA 2024 winners list) । হেমা মালিনী, ৰেখা, সুপাৰষ্টাৰ শ্বাহৰুখ খান, ৰাণী মুখাৰ্জী, অনিল কাপুৰ, ববি দেউল, বিকি কৌশল, শাহিদ কাপুৰ আৰু কৃতি ছাননকে আদি কৰি জনপ্ৰিয় তাৰকাসকলে অনুষ্ঠানটোৰ শুভা বঢ়ায়।

IIFA 2024ৰ দ্বিতীয় নিশাৰ অন্যতম প্ৰধান আকৰ্ষণ আছিল শ্বাহৰুখ খান, যিয়ে কেৱল অনুষ্ঠানটো হষ্ট (host) কৰাই নহয়, নিজৰ চিগনেচাৰ চাৰ্মেৰে উপস্থিত দৰ্শকসকলক দিছিল মনোৰঞ্জন। অভিনেতাগৰাকীয়ে বিকি কৌশল আৰু কৰণ জোহাৰৰ সৈতেও মঞ্চত “ঝুমে জো পাঠান” গীতটোৰ তালে তালে এটা মনমোহা নৃত্য প্ৰদৰ্শন কৰিছিল, যি দৰ্শকসকলৰ বাবে হৈ পৰিছিল মনোৰঞ্জনৰ এক অকল্পনীয় অনুভৱ ।

IIFA 2024 ৰ বঁটা প্ৰদান অনুষ্ঠানটোত বিজয়ীসকলৰ নাম ঘোষণাৰ লগে লগে সকলোৰে উত্তেজনা শীৰ্ষত উপনীত হৈছিল। তলত IIFA 2024 ৰ জনপ্ৰিয় শ্ৰেণী অনুসৰি বিজয়ীসকলৰ সম্পূৰ্ণ তালিকাখন উল্লেখ কৰা হৈছে:

শ্ৰেণী(Category) বিজয়ী(Winners)
শ্ৰেষ্ঠ ছবিভূষণ কুমাৰ, কৃষ্ণ কুমাৰ আৰু প্ৰণয় ৰেড্ডি ৱাংগাৰৰ “এনিমেল”
শ্ৰেষ্ঠ পৰিচালকবিধু বিনোদ চোপ্ৰা – “১২ ফেইল”
শ্ৰেষ্ঠ অভিনেত্ৰী (নাম ভূমিকাত)ৰাণী মুখাৰ্জী – “মিছেছ চেটাৰ্জী ভাৰ্চেছ নৰৱে”
শ্ৰেষ্ঠ অভিনেতা (নাম ভূমিকাত)শ্বাহৰুখ খান – “জোৱান”
সহায়ক ভূমিকাত শ্ৰেষ্ঠ অভিনেত্ৰীশ্বাবানা আজমী – “ৰকী অউৰ ৰাণী কী প্ৰেম কাহানী”
সহায়ক ভূমিকাত শ্ৰেষ্ঠ অভিনেতাঅনিল কাপুৰ – “এনিমেল”
ঋণাত্মক ভূমিকাত শ্ৰেষ্ঠ অভিনয়ববি দেউল – “এনিমেল”
শ্ৰেষ্ঠ সঙ্গীত পৰিচালনাপ্ৰীতম, বিশাল মিশ্ৰ, মনন ভৰদ্বাজ, শ্ৰেয়াস পুৰাণিক, জানী, ভূপিন্দৰ বাব্বল, আচিম কেমছন, হৰ্ষবর্ধন ৰমেশ্বৰ – “এনিমেল”
শ্ৰেষ্ঠ প্লেবেক গায়ক (পুৰুষ)ভূপিন্দৰ বাব্বল – “আৰ্জন ৱাইলী” – “এনিমেল”
শ্ৰেষ্ঠ প্লেবেক গায়িকা (মহিলা)শিল্পা ৰাও – “চলেয়া” – “জোৱান”

উল্লেখ্য যে, ২৭ ছেপ্টেম্বৰৰ পৰা আয়োজিত IIFA 2024 ৰ এই বৰ্ণাঢ্য কাৰ্যসূচীৰ তিনিদিনীয়া অনুষ্ঠানটো দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগ – তামিল, তেলেগু, মালায়ালম আৰু কানাড়াৰ প্ৰতি উৎসৰ্গিত আছিল।

২৯ ছেপ্টেম্বৰ অৰ্থাৎ আজি IIFA ২০২৪ ৰ অন্তিমটো অনুষ্ঠান “আইফা ৰক্স” অনুষ্ঠিত হ’ব, য’ত উপস্থিতি থাকিব কেৱল নিমন্ত্ৰিত অতিথিসকল । মঞ্চত হ’নী সিং, শিল্পা ৰাও আৰু শংকৰ-এহছান-লয়ৰ দৰে শিল্পীসকলে দৰ্শকৰ বাবে নিজৰ সংগীতৰ লাইভ প্ৰদৰ্শন আগবঢ়াব।

Related Articles