Breaking

আই আই টি গুৱাহাটীত সৰগম সংগীত বিদ্যালয়ৰ ত্ৰয়োবিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন

0 25

আই আই টি গুৱাহাটীত সৰগম সংগীত বিদ্যালয়ৰ ত্ৰয়োবিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন

অনুষ্ঠানত বিশিষ্ট সংগীত পৰিচালক ড০ ৰমেন চৌধুৰীক “সংগীত সাধনাৰ বাবে সম্বৰ্দ্ধনা” জ্ঞাপন


আই আই টি গুৱাহাটীত কালি সৰগম সংগীত বিদ্যালয়ৰ ত্ৰয়োবিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলনেৰে কাৰ্য্যসূচীৰে শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি ড০ অৰূপ কুমাৰ শৰ্মাই।প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিয়লি আই আই টি গুৱাহাটীৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত বঁটা বিতৰণী সভাৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

উক্ত অনুষ্ঠানতে “সংগীত সাধনাৰ বাবে বিশিষ্ট সংগীত পৰিচালক ড০ ৰমেন চৌধুৰীক বিশেষ ভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। সম্বৰ্দ্ধনা জ্ঞাপন কৰে গুৱাহাটী আই আই টিৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জাহিয়ালে। সাংস্কৃতিক অনুষ্ঠানত সত্ৰীয়া নৃত্য, তবলা বাদন, চালি নৃত্য, গীটাৰ বাদন, ঝুমুৰ নৃত্য, ভোৰতাল নৃত্য, শাস্ত্ৰীয় সংগীত পৰিবেশন কৰি শিল্পী সকলে অনুষ্ঠানটো জীপাল কৰি তোলে ।

সাংস্কৃতিক সন্ধিয়াত ৰমেন চৌধুৰীৰ সামাজিক আৰু সাংস্কৃতিক জগতত আগবঢ়াই থৈ যোৱা বৰঙণিৰ ওপৰত পৰিবেশন কৰা আলখ্যই সকলোকে অভিভূত কৰি তোলে।গাম্ভিৰ্য্যপূৰ্ণ অনুষ্ঠানটোত,অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ কল্যাণ কলিতা, বিশিষ্ট অভিনেতা দীনেশ দাস, সংগীত নাটক অকাডেমীৰ জুৰীৰ সদস্য শাৰদী শইকীয়া, গুৱাহাটী আই আই টিৰ আন্তঃগাথঁনি, পৰিকল্পনা আৰু পৰিচালনাৰ মুখ্য প্ৰশাসক ড০ মানস কমল ভূঞা, বিশিষ্ট সাহিত্যিক আৰু নাট সমালোচক অতুল মজুমদাৰ উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে ।


অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে উদযাপন সমিতিৰ মুখ্য সম্পাদক ড০ শুভ্ৰজিৎ বৰদলৈ আৰু সাধাৰণ সম্পাদক মুক্তিনাথ শৰ্মাই আৰু সৰগম সংগীত বিদ্যালয়ৰ অধ্যক্ষ নিৰেন চন্দ্ৰ বৈশ্যই সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.