Breaking

IIT guwahati: ছাত্ৰসমাজৰ প্ৰতিবাদত সেও মানি IIT গুৱাহাটী ডীনৰ পদত্যাগ

28

ছাত্ৰসমাজৰ প্ৰতিবাদত সেও মানি আই আই টি, গুৱাহাটীৰ ডীন অধ্যাপক কে ভি কৃষ্ণাইৰ অব্যাহতি ঘোষণা কৰে। প্ৰতিবাদকাৰীৰ আগত সেও মানি পদৰ পৰা অব্যাহতি ল’বলৈ বাধ্য হয় ডীনগৰাকীয়ে। (IIT Guwahati student community Protest dean resignation )

উত্তৰ গুৱাহাটী, ১১ ছেপ্টেম্বৰ : দেশৰ অতি আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীত সঘনাই হোৱা আত্মহননৰ ঘটনাই বিজ্ঞ মহলক চিন্তিত কৰি তুলিছে৷এনে ধৰণে অকালতে দেশৰ সম্পদবোৰ হেৰাই যোৱাতো অতি পৰিতাপৰ বিষয় হিচাপে চিহ্নিত হৈছে৷ (IIT Guwahati student community Protest dean resignation)

জ্ঞান আৰু প্ৰজ্ঞাৰ উচ্ছ শিক্ষা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীত বিগত ৬ বছৰত ১১ টা আত্মহননৰ ঘটনা সংঘটিত হৈছে ৷ ২০১৯ চনৰ পৰা ২০২৪ চনৰ ছেপ্টেম্বৰ মাহলৈ সংঘটিত হোৱা আত্মহননৰ ঘটনাত আই আই টি গুৱাহাটীৰ ১১ জনকৈ কৃতী শিক্ষাৰ্থীয়ে অকালতে মৃত্যুবৰণ কৰিছে ৷ ইয়াৰে এগৰাকী ছাত্ৰী আৰু বাকী ১০ জন ছাত্ৰ৷ আই আই টি গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ,উমিয়াম, লোহিত, দিচাং আৰু দিহিং হোষ্টেলত সংঘটিত হৈছিল এই আত্মহননৰ ঘটনা সমূহ ৷ আত্মহননৰ চিকাৰ হোৱা এই শিক্ষাৰ্থী কেইজন ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ যদিও এজন শিক্ষাৰ্থী সূদুৰ জাপানৰ আছিল ৷ আই আই টি গুৱাহাটীত তথ্য প্ৰযুক্তিৰ উচ্ছ শিক্ষা গ্ৰহণ কৰিবলৈ আহি কিয় আত্মহননৰ দৰে পথ লবলগীয়া হ’ল সেয়া আজি পৰ্যন্ত ৰহস্য হৈ আছে ৷ আনকি এই আত্মহননকলৈ শিক্ষা প্ৰতিষ্ঠান খনত কোনোধৰণৰ সমূহীয়া আলোচনা বা প্ৰতিবাদ হোৱা নাছিল ৷

সকলোৱে সেয়া এক সাধাৰণ আত্মহননৰ ঘটনা বুলি গন্য কৰি পাহৰিবলৈ আৰম্ভ কৰিছিল ৷ কিন্তু যোৱা এমাহত আই আই টি গুৱাহাটীত সংঘটিত দুটাকৈ আত্মহননৰ ঘটনাই প্ৰৱল জোকাৰণি তুলিছে শিক্ষা প্ৰতিষ্ঠান খনত ৷ শিক্ষা প্ৰতিষ্ঠান খনৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ শিক্ষাৰ্থী ভিমলেশ কুমাৰৰ আত্মহনন সহজ ভাৱে লোৱা নাই শিক্ষাৰ্থী সমাজে ৷ ভিমলেশে নিজৰ স্বাস্থ্য সম্পৰ্কীয় এখন প্ৰমাণ পত্ৰ মুৰব্বী অধ্যাপকক দাখিল কৰাৰ পিছতো অধ্যাপক জনে সেয়া অগ্ৰাহ্য কৰিছিল ৷

যাৰ বাবে তীব্ৰ মানসিক চাপত ভুগি ভীমলেশে আত্মহননৰ পথ বাচি লোৱা বুলি অভিযোগ উত্থাপন কৰিছে আই আই টি গুৱাহাটীৰ শিক্ষাৰ্থী সমাজে ৷ যাৰ বাবে শিক্ষাৰ্থী সকলে আই আই টি গুৱাহাটীৰ প্ৰধান প্ৰশাসনিক ভৱনৰ সন্মুখত কৰা প্ৰতিবাদ কৰিছিল ৷ কালি বৰষুণ তিতি বুৰিও প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থী সকলে ৷ শিক্ষাৰ্থী সকলৰ কেইবাটাও দাবীৰ ভিতৰত শিক্ষাপ্ৰতিষ্ঠান খনৰ কেইবাজনো অধ্যাপকক নিলম্বন কৰাৰ দাবী তুলিছিল ৷ উল্লেখ কৰিব লাগিব যে উত্তৰ প্ৰদেশৰ কৃতী ছাত্ৰ ভিমলেশ কুমাৰৰ আত্মহননে তীব্ৰ জোকাৰণি তুলিছিল দেশৰ আগশাৰীৰ শিক্ষাপ্ৰতিষ্ঠান খনত ৷ প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলৰ মতে ২১ বছৰীয়া যুৱকজনে শাৰীৰিক অসুস্থতাৰ বাবে নিয়মীয়াকৈ ক্লাছলৈ আহিব নোৱাৰা বাবে তেওঁৰ উপস্থিতি হ্ৰাস কৰিছিল আই আই টি, কৰ্তৃপক্ষই। ইয়াৰ বাবে পৰীক্ষা দিবলৈ অনুমতি দিয়া হোৱা নাছিল ছাত্ৰজনক।

অৱশেষত ছাত্ৰসমাজৰ প্ৰতিবাদত সেও মানি আই আই টি, গুৱাহাটীৰ ডীন অধ্যাপক কে ভি কৃষ্ণাইৰ অব্যাহতি ঘোষণা কৰে। প্ৰতিবাদকাৰীৰ আগত সেও মানি পদৰ পৰা অব্যাহতি ল’বলৈ বাধ্য হয় ডীনগৰাকীয়ে। 



Comments are closed.