Breaking

মাৰ্ঘেৰিটাত কৃষি ভূমি বিনষ্ট কৰি অবৈধ ভাবে স্থাপন ইটাভাটা।

0 2,048

 তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত কৃষিভূমি বিনষ্ট কৰি অবৈধ ভাবে ইটাভাটা স্থাপনৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে। মাৰ্ঘেৰিটা নগৰৰ পৰা কেই কিলোমিটাৰ মান নিলগৰ ঐতিহ্যমণ্ডিত ৰাজখোৱা পথাৰৰ কৃষিভূমি ধ্বংস কৰি একমাত্ৰ ব্যক্তিগত মুনাফা লুটাৰ স্বাৰ্থতেই  “এ বি” নামেৰে এটা ইটাভাটা স্থাপন কৰাৰ অভিযোগ তুলিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিয়ে। মাৰ্ঘেৰিটাৰ আৰক্ষীৰ থানাৰ অন্তৰ্গত কেটেতং গাও পঞ্চায়তৰ অধীনৰ ঐতিহ্যমণ্ডিত ৰাজখোৱা পথাৰত “এ বি” নামেৰে এটা ইটাভাটা খোলাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে।যি সময়ত কৃষিভূমি ৰক্ষাৰ বাবে নতুনকৈ ভূমি আইন প্ৰৱৰ্ত্তন কৰা  হৈছে তেনে সময়তে কাৰ সাহসত চৰকাৰী কোনো ধৰণৰ নথি পত্ৰ অবিহনে শ শ বিঘা ৰোপিত মাটিৰ ধ্বংস কৰি ইটাভাটা স্থাপন কৰিছে বুলি চি এম এচ এচৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি পাপু দত্তই প্ৰশ্ন উত্থাপন কৰিছে।অবৈধ ভাবে নিৰ্মাণ কৰা ইটাভাটা বন্ধ কৰিবৰ বাবে দাবী উত্থাপন কৰাৰ লগতে মহকুমাধিপতি আৰু ৰাজহ চক্ৰ বিষয়াকো নিৰ্মীয়মান অৱস্থাত থকা ভাটাটো অনতিপলমে বন্ধ কৰাৰ  বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Leave A Reply

Your email address will not be published.