Breaking

বঙাইগাঁৱৰ বাংলাপাৰাৰ মানাহ নৈত অবৈধ খনন, বন বিভাগৰ নিৰ্দেশক অংগুষ্ঠ প্ৰাক্তন পঞ্চায়ত সভাপতিৰ পুত্ৰ আৰু পঞ্চায়ত সদস্যৰ

0 2,044

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত বাংলাপাৰাৰ মানাহ নৈত জে ছি পিৰে অবৈধ ভাবে বালি খনন কাৰ্য্য অব্যাহত ৰাখিছে ৩নং গোলাপাৰা বাংলাপাৰা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি আকবৰ আলীৰ পুত্ৰ আহম্মদ আলীৰ লগতে পঞ্চায়ত খনৰ বাংলাপাৰা খণ্ডৰ পঞ্চায়ত সদস্য সোনা মিঞাই।আহম্মদ আলীয়ে পঞ্চায়ত সদস্য সোনা মিঞা আৰু শ্বহিদুল ইছলামৰ সহযোগত বন বিভাগক অংগুষ্ঠ দেখুৱাই অব্যাহত ৰাখিছে এই খনন কাৰ্য্য।

জানিব পৰা মতে মাণিকপুৰস্থিত আই বন সংমণ্ডল  বিভাগৰ লগতে স্থানীয় ৰাইজে খনন কাৰ্য্য বন্ধ কৰিবলৈ নিষেধ কৰাৰ পিছতো দীৰ্ঘদিন ধৰি জে ছি পিৰ সহায়ত  ট্ৰেক্টৰেৰে অবৈধ ভাৱে উক্ত খনন কাৰ্য্য অব্যাহত ৰাখিছে।যাৰ ফলত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ।এনেদৰে খনন কাৰ্য্য অব্যাহত থাকিলে নৈপৰীয়াৰ ঘৰবাৰী বাৰিষাৰ সময়ত নৈৰ বুকুত জাহ যোৱাটো নিশ্চিত । স্থানীয় ৰাইজে বন বিভাগক অৱগত কৰাৰ পিছত বন বিভাগৰ লোক উপস্থিত হৈ জে ছি পি সহ ট্ৰেক্টৰবোৰ জব্দ কৰিবলৈ চেষ্টা কৰে যদিও পঞ্চায়তখনৰ প্ৰাক্তন সভাপতিৰ পুত্ৰ আহম্মদ আলীৰ লগতে বৰ্তমান পঞ্চায়ত খনৰ সদস্য আৰু তেওঁৰ কিছুমান চামুণ্ডাই বন বিভাগৰ লোকৰ লগত বাক বিতণ্ডাত লিপ্ত হৈ জেছেপি সহ ট্ৰেক্টৰবোৰ লৈ পলায়ন কৰে।আহম্মদ আলীৰ লগতেপঞ্চায়ত সদস্য সোনা মিঞাই নথিপত্ৰ বিহীন কেইবাটাও ট্ৰেক্টৰ নৈৰ খনন কাৰ্য্যত ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে।শীঘ্ৰেই প্ৰাক্তন পঞ্চায়ত সভাপতিৰ পুত্ৰ আহম্মদ আলী,পঞ্চায়ত সদস্য আৰু অবৈধ খনন কাৰ্য্যত লিপ্ত থকা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন মহলে।

Leave A Reply

Your email address will not be published.