Breaking

অবৈধ ধন সৰবৰাহৰ গোচৰঃ ইডিৰ চাৰ্জশ্বীটত প্ৰিয়ংকা গান্ধীৰ নাম…

0 45

এইবাৰ পুনৰ ইডিৰ ৰোষত পৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। প্ৰবাসী ভাৰতীয় ব্যৱসায়ী চিচি থাম্পীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত প্ৰথমবাৰৰ বাবে ইডিয়ে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ নাম উল্লেখ কৰিছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। ইডিয়ে এই গোচৰৰ সৈতে জড়িত পূৰ্বৰ অভিযোগনামাত প্ৰিয়ংকাৰ স্বামী ৰবাৰ্ট ভাদ্ৰাৰ নাম উল্লেখ কৰিছিল। ইডিয়ে নিজৰ বিবৃতিত কয় যে, “প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ জোঁৱাই ৰবাৰ্ট ভাদ্ৰা আৰু কন্যা প্ৰিয়ংকা গান্ধী ভাদ্ৰাই দিল্লীৰ এজন ৰিয়েল এষ্টেট এজেণ্টৰ জৰিয়তে হাৰিয়ানাত মাটি ক্ৰয় কৰিছিল যিয়ে প্ৰবাসী ভাৰতীয় ব্যৱসায়ী চিচি থাম্পীকো মাটি বিক্ৰী কৰিছিল।” ইডিয়ে আৰু অভিযোগ কৰে যে ভাদ্ৰা আৰু থাম্পীৰ মাজত গাঢ় সম্পৰ্ক আছে যিটো “সাধাৰণৰ পৰা ব্যৱসায়িক স্বাৰ্থ”লৈকে বিস্তৃত। উল্লেখ্য যে এই গোচৰটোত পলাতক অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰী জড়িত হৈ আছে। তেওঁৰ ওপৰত ধন সৰবৰাহ, বৈদেশিক মুদ্ৰাৰ আইন উলংঘা কৰা, চৰকাৰী গোপনীয়তা আইন উলংঘা কৰাৰ অভিযোগত তদন্ত চলি আছে। সঞ্জয় ২০১৬ চনত ভাৰতৰ পৰা পলায়ন কৰি ব্ৰিটেইনলৈ গৈছিল।অবৈধ ধন সৰবৰাহ গোচৰত প্ৰিয়ংকা গান্ধীৰ নাম উল্লেখ
বলৱৎকাৰী সঞ্চালকালয়ৰ সদৰী তথ্য।

ডিজিটেল ডেস্কঃ পুনৰ প্ৰেক্ষাপটত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ নাম৷প্ৰবাসী ভাৰতীয় ব্যৱসায়ী চিচি থাম্পীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত প্ৰথমবাৰৰ বাবে বলবৎকাৰী সঞ্চালকালয়ে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ নাম উল্লেখ কৰে। ইডিয়ে এই গোচৰৰ সৈতে জড়িত পূৰ্বৰ অভিযোগনামাত প্ৰিয়ংকাৰ স্বামী ৰবাৰ্ট ভাদ্ৰাৰ নাম উল্লেখ কৰিছিল। ইডিয়ে নিজৰ বিবৃতিত কয় যে, “প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ জোঁৱাই ৰবাৰ্ট ভাদ্ৰা আৰু কন্যা প্ৰিয়ংকা গান্ধী ভাদ্ৰাই দিল্লীৰ এজন ৰিয়েল এষ্টেট এজেণ্টৰ জৰিয়তে হাৰিয়ানাত মাটি ক্ৰয় কৰিছিল যিয়ে প্ৰবাসী ভাৰতীয় ব্যৱসায়ী চিচি থাম্পীকো মাটি বিক্ৰী কৰিছিল।” ইডিয়ে আৰু অভিযোগ কৰে যে ভাদ্ৰা আৰু থাম্পীৰ মাজত গাঢ় সম্পৰ্ক আছে যিটো “সাধাৰণৰ পৰা ব্যৱসায়িক স্বাৰ্থ”লৈকে বিস্তৃত। উল্লেখ্য যে এই গোচৰটোত পলাতক অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰী জড়িত হৈ আছে। তেওঁৰ ওপৰত ধন সৰবৰাহ, বৈদেশিক মুদ্ৰাৰ আইন উলংঘা কৰা, চৰকাৰী গোপনীয়তা আইন উলংঘা কৰাৰ অভিযোগত তদন্ত চলি আছে।

Leave A Reply

Your email address will not be published.