Breaking

সীমান্তবৰ্তী গেলেকীত আবকাৰী বিভাগৰ ছত্ৰছায়াত গঢ়ি উঠিছে অবৈধ চুলাইৰ ঘাটি । গেলেকী আৰক্ষীয়ে জব্দ কৰিলে বুজন পৰিমাণৰ লালী গুড় ।

0 48

দিলীপ হাজৰিকা : নাজিৰা :

নাজিৰা মহকুমাৰ আবকাৰী বিভাগৰ চুড়ান্ত দায়িত্বজ্ঞানহীনতা আৰু কমিচনৰাজৰ বাবেই নাজিৰা মহকুমাৰ সীমান্তবৰ্তী গেলেকীকে ধৰি মহকুমাটোৰ বিভিন্ন অঞ্চলত গঢ় লৈ অবৈধ সুৰাৰ ঘাটী। এই অবৈধ চুলাই ঘাটীসমূহৰ বাবে বাগিচা অধ্যুষিত অঞ্চলটোৰ সামাজিক-শৈক্ষিক পৰিবেশ বিনষ্ট হৈ আহিছে। যাক লৈ বৃহত্তৰ অঞ্চলটোৰ সচেতন মহলক চিন্তিত কৰি তুলিছে।আৱকাৰী বিভাগে মাজে সময়ে সীমান্তবৰ্তী অঞ্চলটোত অভিযান চলাই চমক সৃষ্টি কৰে যদিও পিছমূহুৰ্ততে অবৈধ মদৰ ঘাটীসমূহ পুনৰ গঢ় লৈ উঠে। সীমান্তবৰ্তী অঞ্চলটোৰ লাহন গাওঁ, মৰাণগাওঁ , ওখটিং, ঢেকীয়াজুৰি, সোণাপুৰ, চৰাইসজীয়া,  লক্ষ্মীজান, সাৰকিনাৰ, মইনাটিং, দেওপানী আদি বিভিন্ন অঞ্চলত গঢ় লৈ উঠা অবৈধ মদৰ ঘাটীসমূহত চুলাই প্ৰস্তুতৰ বাবে নাজিৰা আৱকাৰী বিভাগৰ ছত্ৰছায়াতে নাজিৰা নগৰৰ লগতে বিভিন্ন অঞ্চলৰ পৰা বুজন পৰিমাণৰ লালীগুৰ সৰবৰাহ হৈ আহিছে। আজি দিনৰ ভাগত গেলেকী আৰক্ষীয়ে গোপন সুত্ৰৰ পমখেদি অবৈধ চুলাইঘাটীলৈ নিয়া বুজন পৰিমাণৰ লালীগুড় জব্দ কৰাৰ লগতে এজনলোকক আটক কৰে । ঘটনা সন্দৰ্ভত জানিব পৰা মতে আজি দিনৰ প্ৰায় ১১বজাত সীমান্তবৰ্তী হালোৱাটিঙৰ পৰা এ এচ-০৪বি চি ০৭৬৩ নম্বৰৰ এখন টাটা এ চি গাড়ীত ২০টিন চুলাই নিৰ্মাণত প্ৰস্তুত কৰা লালী গুড় গেলেকী লাহন গাঁৱৰ এটা চুলাই ঘাটীত বিক্ৰী কৰিবলৈ আনে।গেলেকী আৰক্ষীয়ে গোপন সুত্ৰে এই লাভ কৰি অভিযান চলাই ২০টিন লালী গুড়সহ মিথু বিশ্বাস নামৰ এজন লোকক আটক কৰে।পাছত আৰক্ষীয়ে ৩০/২০২০ত এক গোচৰ পঞ্জীয়ন কৰি গাড়ীখনৰ লগতে গুড়খিনি জব্দ কৰে যদিও মিথু বিশ্বাসক ব্যক্তিগত জামিনত মুকলি কৰি দিয়ে।উল্লেখ্য যে গেলেকী অঞ্চলত এইজন লালী গুড় ব্যৱসায়ীয়ে চোৰাংভাবে অবৈধ মদৰ ঘাটিসমুহত লালী গুড় যোগান ধৰি আহিছে। আজি কিছুদিন পূৰ্বে এইজন লালী গুড় ব্যৱসায়ীৰ পৰা আছু, আটাছু, চাহজনজাতী ছাত্ৰ সন্থা ৰ একাংশ নেতাই ধন দাবী কৰি আৰক্ষীৰ ৰোষত পৰি এজন নেতা গ্ৰেপ্তাৰ হৈ জেলৰ ভাত খাব লগা হোৱাৰ লগতে আন কেইবাজনে পলাতক অৱস্হাত থাকি আদালতৰ পৰা জামিন লব লগা হৈছিল।  

Leave A Reply

Your email address will not be published.