Breaking

ধনশিৰিৰ বিভিন্ন স্থানত গঢ়ি উঠিছে অবৈধ কাঠ ফলা মিল

0 2,116

নিউজ ডেস্ক: পৰিৱৰ্তনৰ লক্ষ্যৰে দিছপুৰৰ গাদী দখল কৰা বিজেপি মিত্ৰজোঁটৰ চৰকাৰ খনে বনাঞ্চল সম্পসাৰণৰ বাবে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰিছে যদিও একাংশ বন বিষয়া-কৰ্মচাৰী আৰু বন দুস্কৃতিকাৰীৰ গোপন বুজাবুজিৰে ৰাজ্যত এতিয়াও অব্যাহত আছে বন ধ্বংস যজ্ঞ। যি সময়ত ৰাজ্যৰ বন মন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ বনাঞ্চল সমুহ পৰিদৰ্শন কৰি বনাঞ্চল সুৰক্ষাৰ বাবে প্ৰচেষ্টা হাতত লৈছে সেই সময়তে,গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত  নাওজান আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন স্থানত চলিছে অবাধে বন ধ্বংস অভিযান। নাওজান আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত গন্ধকৰৈত বিবেক গগৈ, নগাজৰিত পদ্ম ফুকন, পানজানত বনিফাষ্ট গগৈ, চতিয়নিত দীপ টপ্নৰ  উদ্যোগত লগতে নাওজান, পদুমনি আদি অঞ্চলত একাংশ লোকৰ অধীনত কাঠফুলাৰ দৰে গঢ়ি উঠিছে  অবৈধ কাঠফলা মিল। চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু গাতে লাগি থকা কাৰ্বি আংলং জিলাৰ পৰা গোপনে চেগুন, গমাৰি, পমা, চাম আদি মূল্যবান গছৰ কোণ্ডা আৰু ফাণ্টা সৰবৰাহ কৰি মিল সমূহত ফালি নিৰ্বিবাদে চলাই গৈছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। এই সকলোবোৰ দেখিও বন বিভাগে চকুমুদা কুলিৰ ভাও ধৰাৰ অভিযোগ উঠিছে। প্ৰকৃতি প্ৰদত্ত বনজ সম্পদ ৰক্ষাৰ দায়িত্বত থকা একাংশ বন বিভাগৰ  বিষয়া-কৰ্মচাৰীৰ লগত থকা গোপন মিতিৰালিৰ বাবেই এনেদৰে বন ধ্বংস সম্ভৱ হৈছে। প্ৰকৃতি প্ৰদত্ত বনজ সম্পদ ৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ে জাৰি কৰা নিষেধাজ্ঞা আৰু বন সংৰক্ষণ আইনক বুঢ়া আঙুলি দেখুৱাই এনেদৰে বন ধ্বংস কাৰ্য্যত লিপ্ত সকলৰ বিৰুদ্ধে বন বিভাগৰ উদ্ধতম কৰ্তৃপক্ষই কি ব্যৱস্থা গ্রহণ কৰে সেইয়াহে লক্ষ্যণীয় হ’ব।

Leave A Reply

Your email address will not be published.