Breaking

কাজিৰঙাত অসম প্ৰকাশন পৰিষদৰ অনুবাদ কৰ্মশালাত গুৰুত্বপূৰ্ণ সত্ৰ। ভাষিক সমন্বয়ে অসমক শক্তিশালী কৰিবঃ প্ৰশান্ত বড়ো

0 104

কাজিৰঙাত অসম প্ৰকাশন পৰিষদৰ অনুবাদ কৰ্মশালাত গুৰুত্বপূৰ্ণ সত্ৰ। বড়ো ভাষালৈ অনুবাদৰ কৌশল-পদ্ধতি সম্পৰ্কে বিশেষ আলোচনা। ভাষিক সমন্বয়ে অসমক শক্তিশালী কৰিবঃ প্ৰশান্ত বড়ো। উৎকৃষ্ট অনুবাদৰ কাৰণে গুৰুত্বপূৰ্ণ সমাজবোধ আৰু দৰ্শনঃ নীৰেন্দ্ৰ নাথ ঠাকুৰীয়া। ভাষা-সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে অসম প্ৰকাশন পৰিষদে গ্ৰহণ কৰা অভিলাষী প্ৰকল্প অনুসৰি কালিৰে পৰা কাজিৰঙাৰ কঁহৰাস্থিত “অৰণ্য টুৰিষ্ট ল’জ”ত অনুষ্ঠিত অনুবাদ কৰ্মশালাৰ আজি দ্বিতীয় দিনা গুৰুত্বপূৰ্ণ সত্ৰ অনুষ্ঠিত হয় ৷ ইয়াত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে বড়ো সাহিত্য সভাৰ উপ-সভাপতি, বিশিষ্ট লেখক প্ৰশান্ত বড়ো আৰু বিশিষ্ট অনুবাদক-লেখক নীৰেন্দ্ৰ নাথ ঠাকুৰীয়াই ৷

বড়ো ভাষালৈ অনুবাদৰ কৌশল বিষয়ক গুৰুত্বপূৰ্ণ সত্ৰখনত সমল ব্যক্তি হিচাপে উপস্থিত থকা ৰঙাপাৰা মহাবিদ্যালয়ৰ বড়ো বিভাগৰ অধ্যাপক তথা বিশিষ্ট লেখক প্ৰশান্ত বড়োৱে অসমীয়াৰ পৰা বড়ো ভাষালৈ অনুবাদৰ পদ্ধতি আৰু কৌশল সম্পৰ্কে অনুবাদকসকলক অৱগত কৰায়। তেওঁ অসম প্ৰকাশন পৰিষদৰ এই কৰ্মশালাক বিশেষভাৱে প্ৰশংসা কৰি কয় যে অসমীয়া ভাষাৰ পৰা বড়ো ভাষালৈ অনুবাদৰ ক্ষেত্ৰত এয়াই প্ৰথম ফলপ্ৰসূ পদক্ষেপ ৷ ইয়াৰ ফলত দুয়োটা ভাষাৰ প্ৰসাৰ হোৱাৰ লগতে ভাষিক সমন্বয়ে অসমক শক্তিশালী কৰি তুলিব ৷ আনগৰাকী সমল ব্যক্তি গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক নীৰেন্দ্ৰনাথ ঠাকুৰীয়াই অনুবাদ কৰ্মৰ বিষয়ে কয় যে অনুবাদকে কেৱল দুটা ভাষা জনাটোৱেই যথেষ্ট নহয় ৷ উৎকৃষ্ট অনুবাদৰ কাৰণে গুৰুত্বপূৰ্ণ সমাজবোধ আৰু দৰ্শন প্ৰয়োজন ৷ তদুপৰি সংশ্লিষ্ট সমাজৰ সাংস্কৃতিক পৰম্পৰাৰ বিষয়েও পৰিপূৰ্ণ জ্ঞান অৰ্জন কৰিব পাৰিলে অনুবাদ কৰ্ম সৃষ্টিশীল আৰু মৌলিক হৈ উজলি উঠে বুলি ঠাকুৰীয়াই মন্তব্য কৰে ৷

ঠাকুৰীয়াই লগতে অনুবাদৰ সমল হিচাপে ভিন্ন বিষয়ক অভিধানৰ গুৰুত্বৰ বিষয়ে উনুকিয়ায় ৷ উল্লেখ্য যে ডেৰকুৰিৰো অধিক লেখক-অনুবাদকে অংশগ্ৰহণ কৰা এই কৰ্মশালাত ডক্টৰ মুকুণ্ডমাধৱ শৰ্মাৰ “হিতোপ্ৰদেশ’, ডক্টৰ ৰাজেন্দ্ৰ কুমাৰ ভূঞাৰ ‘ঈছপৰ সাধু’, ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীৰ ‘অসম দেশৰ সাধু’, প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ ‘বুধিয়ক কোন’, ডক্টৰ বাণীকান্ত কাকতিৰ ‘পখিলা’, মহিম বৰাৰ ‘বত্ৰিছ পুতলাৰ সাধু’ অসমীয়াৰ পৰা বড়াে আৰু বাংলা ভাষালৈ অনুবাদ কৰা হ’ব৷

Leave A Reply

Your email address will not be published.