হোজাই জিলাত সক্ৰিয় হৈ আছে যুৱতী তথা নাৰী সৰবৰাহকাৰী ৷ অসমৰ পৰা বহিৰাষ্ট্ৰলৈ নি যুৱতী তথা নাৰীক বিক্ৰী কৰে একাংশ অসাধু চক্ৰই ৷ এগৰাকী পিতৃৰ অভিযোগত ডবকা আৰক্ষীয়ে (Imran Hussain) ইমৰান হুছেইন নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে ৷ লোকজনৰ কন্যাক প্ৰলোভন দি ওমানত নি বিক্ৰী কৰাৰ অভিযোগ উত্তাপন হৈছিল ৷
ওমানত নিৰ্যাতন সহিব নোৱাৰা যুৱতী গৰাকীৰ ৰহস্যজনক মৃত্যু হোৱাৰ পাছত ডবকা আৰক্ষীৰ কাষ চাপিছিল পিতৃ ৷ তাৰ পাছত 172/24 নম্বৰৰ গোচৰ পঞ্জিয়ন কৰি ইতিমধ্যে মুল অভিযুক্ত ইমৰানক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে নাৰী সৰবৰাহকৰাৰ অভিযোগত পুৰ্বেও জেললৈ গৈছি ইমৰান ৷ এতিয়াও বহু নাৰী তথা যুৱতী বহিৰাষ্ট্ৰত আবদ্ধ হৈ থকাৰ কথা জানিব পৰা গৈছে ৷